নগাঁও,23মে’: নগাঁৱত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোগদান কৰাৰ পাচৰ পৰাই আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । ড্ৰাগছৰ ব্যৱসায় কৰি দুবছৰৰ বাবে কাৰাবন্দী হোৱা আনোৱাৰা বেগম ওৰফে তাকানীৰ ঘৰত দীৰ্ঘদিনৰ অন্তত পুনৰ অভিযান চলিল আৰক্ষীৰ।
নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দেওবাৰৰ দুপৰীয়া নগাঁও ৰে'ল ষ্টেচনৰ সমীপত অভিযান চলাই ড্ৰাগছসহ এজনক আটক কৰিবলৈ সক্ষম হয় ৷
ৰে'ল ষ্টেচনৰ সমীপত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই অহা ৰিংকু আলীৰ ঘৰৰ পৰা ৩০ টাকৈ ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে অভিযুক্ত ৰিংকু আলীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো।
উল্লেখযোগ্য যে ৰিংকু আলীৰ মাতৃ আনোৱাৰা বেগম ওৰফে তাকানীও ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ হৈ দুবছৰৰ বাবে জেল হাজোতত থাকিবলগীয়া হৈছে।
মন কৰিবলগীয়া যে, নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰৰ যোগদানৰ পাচতে পূৰ্বতকৈ অধিক সক্ৰিয় হৈ পৰিছে নগাঁও আৰক্ষী । নগাঁৱৰ আৰক্ষী অধীক্ষক মিশ্ৰই যোগদান কৰাৰ পাচৰে পৰা ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।
লগতে পঢ়কঃ দলগাঁৱত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে আমছুৱে