নগাঁও,১৬ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। নগাঁও আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও নগাঁও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী ।
নগাঁৱত প্ৰথমগৰাকী মহিলা আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা লীনা দেৱীৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান । এইবাৰ জিলাখনত চলি থকা ই ৰিক্সাসমূহত অভিযান চলাইছে আৰক্ষীয়ে । তেনে এক অভিযানৰ মাজতে আৰক্ষীৰ বৃহৎ সফলতা ।
বৃহস্পতিবাৰে নগাঁও চহৰৰ টকৌবাৰীত যাত্ৰী কঢ়িওৱা এখন ই ৰিক্সাত আৰক্ষীয়ে অভিযান চলায় । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই অভিযান চলায় । অভিযানত ই ৰিক্সাখনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী (Drugs seized in Nagaon)। লগতে ড্ৰাগছ সৰবৰাহত জড়িত আব্দুল আলীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।
দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আব্দুল আলীয়ে আৰক্ষীৰ চকুত ধূলি দি ই ৰিক্সাৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰিছিল যদিও অৱশেষত আৰক্ষীৰ জালত পৰে (Drugs peddler arrested in Nagaon)। আব্দুল আলীৰ পৰা আৰক্ষীয়ে ৫৪ টাকৈ হেৰ'ইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় (Nagaon police seized 54 heroin filled container)।
উল্লেখ্য যে, পূৰ্বেও ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল আব্দুল আলী । কিন্তু জামিনত মুক্তি লাভ কৰাৰ পাছতেই পুনৰ ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰিছিল আব্দুল আলীয়ে । কিন্তু আৰক্ষীৰ হাতত পুনৰ গ্ৰেপ্তাৰ হ'ল ড্ৰাগছ সৰবৰাহকাৰী আব্দুল আলী । সম্প্ৰতি নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী আব্দুল আলীক জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :অপৰাধ শূন্য হ'ব নগাঁও: কলিয়াবৰত আৰক্ষী অধীক্ষক লীনা দলে