ETV Bharat / state

আৰক্ষীক কামুৰি পলায়নৰ চেষ্টা ড্ৰাগছ সৰবৰাহকাৰীৰ - DRUGS PEDDLER

ৰহা মহাবিদ্যালয়ৰ কাষতে থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ৰহা আৰক্ষীয়ে বিশেষ কৌশলেৰে আটক কৰে আনোৱাৰা হুছেইন আৰু আশিকুৰ নামৰ দুটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ কৰায়ত্ব কৰাৰ সময়ত আৰক্ষীক কামুৰি পলায়নৰ চেষ্টা চলায় সৰবৰাহকাৰী দুটাই ৷

raha police two peddler arrested
ৰহাত আৰক্ষীৰ জালত হিৰ’ইনসহ দুটা সৰবৰাহকাৰী
author img

By

Published : Jun 16, 2021, 8:36 PM IST

ৰহা, 16 জুন : ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police) ৷ জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে আৰক্ষী অধীক্ষক সকল ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (DRUGS PEDDLER) পৰিছে আৰক্ষীৰ জালত ৷

একেদৰে নগাঁও জিলাত আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰ (Anand Mishra)ই যোগদান কৰাৰ পাচতে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে ৷ সম্প্ৰতি জিলাখন অব্যাহত ৰখা হৈছে ড্ৰাগছ বিৰুদ্ধে তীব্ৰতৰ অভিযান ৷

তাৰমাজতে বুধবাৰে ৰহাত হেৰ’ইন সহ আটক হ’ল দুটা ড্ৰাগছ সৰবৰাহকাৰী ৷ উল্লেখযোগ্য যে, ৰহা মহাবিদ্যালয়ৰ কাষতে থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ৰহা আৰক্ষীয়ে বিশেষ কৌশলেৰে আটক কৰে আনোৱাৰা হুছেইন আৰু আশিকুৰ নামৰ দুটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ আৰক্ষীয়ে লগতে এই ব্যৱসায়ত সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা A-AS-02AB-1903 নম্বৰৰ এখন এল্ট’ জব্দ কৰাৰ লগতে গাড়ী খনৰ পৰা ৩০ টা হেৰ’ইনৰ কন্টেইনাৰ গাড়ীখনৰ পৰা উদ্ধাৰ কৰে ।

ইপিনে সৰবৰাহকাৰী দুটাক আৰক্ষীয়ে আটক কৰিবলৈ ধৰোতে আৰক্ষীক কামুৰি পলাবলৈ চেষ্টা কৰিছিল ৷ যদিও আৰক্ষীয়ে সৰবৰাহকাৰী দুটাক ৰাজ পথত খেদি খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয় । সম্প্ৰতি সৰবৰাহকাৰী দুটাক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ONGCৰ তৈল খাদত চকু আগ্ৰাসী নগাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.