কলিয়াবৰ, 5 মে’ : কলিয়াবৰত সক্ৰিয় ড্ৰাগছ ব্যৱসায় । ইয়াৰ সমান্তৰালকৈ চলি আছে এই কাৰ্য্যৰ বিৰুদ্ধে অভিযান । জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত বাগৰি তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত বাগৰিৰ হাৰমতীত এক অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী লোকক সন্দেহযুক্ত হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে ।
বৰ্তমান জখলাবন্ধা আৰক্ষী জিম্মাত দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ জানিব পৰা মতে, সৰবৰাহকাৰী দুজনৰ নাম আব্দুল আলি আৰু ইছমাইল আলি ৷ বৰ্তমান দুই সৰবৰাহকাৰীক সোধ-পোছৰ বাবে বাগৰি তহলদাৰী আৰক্ষী চকীত ৰখা হৈছে । সোধ-পোছৰ পাছত অধিক তথ্য লাভ কৰিব বুলি জনাই কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে ।
লগতে পঢ়ক : বোকাজানত যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত চিআৰপিএফৰ জোৱান