চামগুৰি,6 জুন : দেশত মহামাৰী ক’ৰণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যত উদ্বেগজনকভাবে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহৰ ঘটনা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁৱতো বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছৰ সৰবৰাহ ৷
তাৰ মাজতে নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পাচতে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ বিৰোধী অভিযান । দেওবাৰে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ভগামুৰত দিনৰ প্ৰায় ১ বজাত আৰক্ষীয়ে অতৰ্কিত অভিযান চলাই ৷
আৰক্ষীয়ে অভিয়ান চলাই আটক কৰে বিল্লাল উদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক । উল্লেখযোগ্য যে, ধৃত ড্ৰাগছ মাফিয়া বিল্লাল উদ্দিনৰ ঘৰ চামগুৰিৰ ভগামুৰত বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১১ টা কন্টেনাৰ, ১.০৫গ্ৰাম হেৰ'ইন আৰু এটা ম’বাইল জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়কঃ হোজাইত সাংবাদিক সন্থাৰ ব্যৱস্থাপনাত মুকলি প্ৰতিষেধক কেন্দ্ৰ