ETV Bharat / state

Drugs mafia arrested : আৰক্ষীৰ জালত MOST WANTED ড্ৰাগছ মাফিয়া বিল্লাল - Nagaon police recovered arms

শেহতীয়াকৈ ড্ৰাগছ মাফিয়া বিল্লালৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে এটা পিষ্টল উদ্ধাৰ কৰিছিল (Nagaon police recovered arms)। বৃহস্পতিবাৰে চামগুৰিৰ পৰা আটক কৰে বিল্লাল উদ্দিনক । ড্ৰাগছ মাফিয়াটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Drugs mafia arrested
আৰক্ষীৰ জালত MOST WANTED ড্ৰাগছ মাফিয়া বিল্লাল
author img

By

Published : Dec 9, 2022, 2:12 PM IST

নগাঁও,৯ ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে নগাঁও আৰক্ষী বৃহৎ সফলতা (Nagaon police raid against drugs)। বৃহস্পতিবাৰে নিশা ম'ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া বিল্লাল উদ্দিনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দীৰ্ঘদিন ধৰি পলাতক ড্ৰাগছ মাফিয়াটোক আৰক্ষীয়ে চামগুৰিৰ পৰা আটক কৰে (Nagaon police arrests drugs mafia)।

উল্লেখ্য যে ড্ৰাগছ, চুৰিকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পোৱা নগাঁৱত অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী । ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ কৰিবলৈ সক্ষম হৈছে ম'ষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া উদ্দিনক । এসপ্তাহ পূৰ্বে নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জিলাখনৰ ম'হখুলিত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাইছিল ।

আৰক্ষীৰ জালত MOST WANTED ড্ৰাগছ মাফিয়া বিল্লাল

আৰক্ষীৰ দলটোৱে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ড্ৰাগছ মাফিয়া বিল্লালৰ বাসগৃহত অভিযান চলাইছিল । অভিযানত আৰক্ষীৰ দলটোৱে বিল্লালৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে এটা ৭.৬৫ এমএম পিষ্টলো জব্দ কৰিবলৈ সক্ষম হৈছিল (Nagaon police recovered arms)। কিন্তু আৰক্ষীৰ অভিযানৰ খবৰ পোৱাৰ পাছতে পলায়ন কৰিছিল ড্ৰাগছৰ বেহাত জড়িত মূল অভিযুক্ত বিল্লাল । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে নিশা নগাঁৱৰ মৰিকলঙ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে পুনৰ চামগুৰিত অভিযান চলায় । অভিযানত আৰক্ষীয়ে ড্ৰাগছ মাফিয়া বিল্লালক আটক কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে ড্ৰাগছৰ উপৰিও আন বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত জড়িত অভিযুক্ত বিল্লাল । ইতিমধ্যে নগাঁও আৰক্ষীয়ে বিল্লালক সোধা-পোছা অব্যাহত ৰাখিছে । বিল্লালৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে সম্ভৱত নগাঁৱৰ আন আন স্থানতো চলাব পাৰে ড্ৰাগছ বিৰোধী অভিযান ।

ইফালে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্ততো অসম আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে নিশা প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :Drugs seized : খটখটীত ৭ কোটি টকাৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.