ETV Bharat / state

দিন দুপৰতে লুটপাট কৰি ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত যুৱক - dacoit faces public wrath in dhing

দিন দুপৰতে লুটপাট কৰি ধিঙত ৰাইজৰ ৰোষত পৰিল ড্ৰাগছ আসক্ত যুৱক ৷ স্থানীয় ৰাইজে কৰায়ত্ব কৰি গছত বান্ধি উত্তম-মাধ্যম শোধালে ড্ৰাগছ আসক্ত ডকাইতক ৷ আজহাৰুল নামৰ ড্ৰাগছ আসক্ত এজন লোকৰ বিৰুদ্ধে দিন ডকাইতিৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ ৷

দিন দুপৰতে লুটপাট কৰি ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত যুৱক

author img

By

Published : Oct 9, 2020, 7:31 AM IST

নগাঁও, 9 অক্টোবৰ : ড্ৰাগছ আসক্ত হৈ ডকাইতিৰ ঘটনা সংঘটিত কৰি ৰাইজৰ ৰোষত এজন দিন ডকাইত ৷ বৃহস্পতিবাৰে দিন দুপৰতে ধিঙৰ বলিকটীয়াত লুটপাট সংঘটিত কৰি ৰাইজৰ হাতত কৰায়ত্ব হ'ল আজহাৰুল নামৰ এজন যুৱক ৷ আজহাৰুলৰ বিৰুদ্ধে 30 হাজাৰ টকা নগদ ধনৰ সৈতে সোণ-ৰূপৰ আ-অলংকাৰ লুটপাত কৰি পলায়ন কৰাৰ অভিযোগ ৷ ডকাইতিৰ ঘটনা সংঘটিত কৰি পলায়ন কৰিব খোজা আজহাৰুলক ৰাইজে কৰায়ত্ব কৰি গছত বান্ধি উত্তম-মাধ্যম শোধাই ৷

ধিঙত ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত ডকাইত
ধিঙত ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত ডকাইত

জানিব পৰা মতে, জুৰীয়া আৰক্ষী চকীৰ অন্তৰ্গত বলিকটীয়াৰ সোণাৰি ব্যৱসায়ী জাকিৰ হুচেইনৰ ঘৰত দিন দুপৰতে নিচাগ্ৰস্ত হৈ আজহাৰুলে ডকাইটিৰ ঘটনা সংঘটিত কৰে ৷ অৱশেষত 30 হাজাৰ টকা নগদ ধনৰ লগতে কেইবা লাখ টকাৰ সোণ-ৰূপৰ আ-অলংকাৰ লৈ পলায়ন কৰিব খোজা ডকাইত আজহাৰুলক ৰাইজে নিজা তৎপৰতাৰে কৰায়ত্ব কৰে ৷ ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ বহু সময় পাৰ যোৱাৰ পাছতহে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে আৰক্ষীৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: চিৰাঙত আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্যসহ দুই সৰবৰাহকাৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.