ETV Bharat / state

স্বামী গৃহত নিৰ্যাতনৰ বলি বোৱাৰী ! - স্বামী আৰু শহুৰ

স্বামী আৰু শহুৰে মিলি পাশৱিক নিৰ্যাতন চলাই বোৱাৰীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

বটদ্ৰৱাত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা
author img

By

Published : Sep 1, 2019, 10:53 AM IST

বটদ্ৰৱা, 01 চেপ্টেম্বৰঃ মানৱতাক ভূ-লুণ্ঠিত কৰা ঘটনাই পুনৰ লজ্জানত কৰিলে বটদ্ৰৱাবাসীক । বটদ্ৰৱাত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা। স্বামী আৰু শহুৰে মিলি পাশৱিক নিৰ্যাতন চলাই এগৰাকী বোৱাৰীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

বটদ্ৰৱাত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা

পাঁচ বছৰৰ পূৰ্বে বাটমাৰীৰ আনিচুৰ ৰহমান নামৰ এজন যুৱকৰ স'তে বিবাহ পাশত আৱদ্ধ হৈছিল মহিলা গৰাকী ৷ বোৱাৰী গৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি বিয়াৰ পিচৰ পৰাই স্বামীৰ পৰিয়ালে বোৱাৰী গৰাকীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছিল । তেনে সময়তে এটা সন্তানৰ মাতৃ গৰাকীক শনিবাৰে নিশা স্বামী আৰু শহুৰে মিলি পাশৱিক নিৰ্যাতন চলাই মাৰ-পিট কৰি হত্যাৰ চেষ্টা চলায় ।

পৰৱৰ্তী সময়ত ওচৰ চুবুৰীয়াই মুমুৰ্ষ অৱস্থাত পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে মহিলা গৰাকীক । লগে লগে খবৰ দিয়ে বটদ্ৰৱা আৰক্ষীক। ইপিনে মহিলা গৰাকীৰ ভাতৃয়ে তেওঁক আৰক্ষীৰ সহযোগত চিকিৎসাৰ বাবে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষীয়ে মহিলা গৰাকীৰ স্বামী আৰু শহুৰেকক বিচাৰি তদন্ত আৰম্ভ কৰিছে ৷

Intro:.Body:.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.