ETV Bharat / state

সেউজ দীপাৱলী উদযাপনৰ আহ্বান পান্থতৰু সংৰক্ষণীৰ

author img

By

Published : Nov 4, 2021, 4:26 PM IST

সেউজ দীপাৱলী পালন কৰাৰ লগতে ফটকা বৰ্জনৰ আহ্বান জনালে পান্থতৰু সংৰক্ষণী নামৰ সংগঠনটোৱে । ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক সজাগতা সমদলৰো আয়োজন কৰে সংগঠনটোৱে ।

Diwali awareness
সেউজ দীপাৱলী উদযাপনৰ আহ্বান পান্থতৰু সংৰক্ষণীৰ

নগাঁও,৪ নৱেম্বৰ : চাৰিওফালে দীপাৱলী (Diwali) আৰু কালী পূজাৰ ব্যাপক আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । বিভিন্ন প্ৰকাৰৰ চাকি, লাইট আদিৰে বজাৰ উভৈনদী হৈ পৰিছে । কিন্তু বিগত বছৰৰ দৰে এইবাৰো ফটকা (Firecrackers) আদি প্ৰদূষণ সৃষ্টিকাৰী আৰু উচ্চ প্ৰাবল্যৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰশাসনে বিভিন্ন ধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছে । লক্ষণীয়ভাৱে প্ৰশাসনৰ এই পদক্ষেপক সচেতন লোকসকলে সঁহাৰি জনাইছে যদিও একাংশ লোকে প্ৰশাসনৰ এই নিৰ্দেশনা অমান্য কৰা দেখা যায় ।

বিশেষকৈ দীপালৱীৰ সময়ত যথেষ্ট পৰিমাণে বায়ু আৰু শব্দ প্ৰদূষণ হোৱা দেখা যায় । চৰাই বা বিভিন্ন জীৱকূলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে এনে প্ৰদূষণে । সেয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে বহু লোক ওলাই আহে । ইয়াৰ মাজতে নগাঁও জিলাত এটা প্ৰকৃতিপ্ৰেমী সংগঠনে ল'লে বিশেষ পদক্ষেপ ।

ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে নগাঁও চহৰৰ মাজেৰে পান্থতৰু সংৰক্ষণী নামৰ সংগঠনটোৱে উলিয়াই এক সজাগতা সমদল । পৰিৱেশ প্ৰদূষণৰ সজাগতাৰ বাবে সংগঠনৰ সদস্যসকলে মুখত অক্সিজেন মাস্ক আৰু হাতত গছপুলি লৈ এক অভিনৱ সমদলত অংশগ্ৰহণ কৰে । সমদলৰ জৰিয়তে সকলোকে সেউজ দীপাৱলী (Green Diwali) উদযাপনৰ বাবে তেওঁলোকে আহ্বান জনায় ।

বায়ুমণ্ডল ইতিমধ্যেই প্ৰদূষিত হোৱা বুলি উল্লেখ কৰি ফটকা আদি ফুটাই আৰু অধিক প্ৰদূষণৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায় পান্থতৰু সংৰক্ষণীৰ সদস্য তথা পৰিৱেশকৰ্মী বুবুল শৰ্মাই । মাত্ৰ দুই ঘণ্টাৰ বাবে ফটকা ব্যৱহাৰৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা অনুমতি দিয়া হৈছে যদিও পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত ৰাইজক ফটকা সম্পূৰ্ণৰূপে পৰিহাৰ কৰিবলৈ আহ্বান জনায় প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে ।

লগতে পঢ়ক :অসমত পেট্ৰ’লৰ মূল্য ১২ টকা আৰু ডিজেলৰ মূল্য ১৭ টকা হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.