কলিয়াবৰ,১৬ অক্টোবৰ : কলিয়াবৰৰ ৫ গৰাকী ছাত্ৰীৰ এক আদৰণীয় পদক্ষেপ । দুৰ্গা পূজাৰ মাজতে ছাত্ৰী কেইগৰাকীয়ে এক মহৎ উদ্দেশ্য আগত লৈ দিলে এখন ফাষ্ট ফুডৰ দোকান । 'পঞ্চকন্যা' নামৰ এই দোকানখন দিয়াৰ উদ্দেশ্য শুনি এতিয়া বহু লোকৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে ছাত্ৰীকেইগৰাকী ।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে ৰাজ্যৰ যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতম । বৰ্তমান লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ চিকিৎসাৰ বাবে বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন । কিন্তু সেই ধন পৰিশোধৰ বাবে তেওঁ অসমৰ্থ । যাৰ বাবে সামাজিক মাধ্যমত বিভিন্ন জনে লেখিকাগৰাকীক সহায়ৰ বাবে আহ্বান জনাইছিল ।
ৰোগাক্ৰান্ত লেখিকাগৰাকীক সেয়ে সহায়ৰ বাবে এনেদৰে পূজাত ফাষ্ট ফুডৰ দোকান দিলে ছাত্ৰীকেইগৰাকীয়ে । দোকানখনৰ পৰা হোৱা লাভৰ ধন লেখিকাগৰাকীলৈ পঠিয়াব ছাত্ৰীকেইগৰাকীয়ে । পঞ্চকন্যাৰ এই পদক্ষেপৰ এতিয়া শলাগ লৈছে কলিয়াবৰবাসীয়ে ।
উল্লেখ্য যে অসমৰ যুৱ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় লেখিকা শৰ্মিষ্ঠা প্ৰীতম । অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ শৰ্মিষ্ঠাই অহোপুৰুষাৰ্থ কৰি আহিছে । শৰ্মিষ্ঠাৰ গ্ৰন্থসমূহৰ ভিতৰত আছে আত্মকথা, অন্তহীন (নিক ভয়েচিচৰ জীৱন কাহিনী), আলফুলৰ সপোন, ৰং (উপন্যাস) আদি ।
প্ৰকাশিত গ্ৰন্থসমূহৰ উপৰিও ৩৪ বছৰীয়া শৰ্মিষ্ঠাই আৰু এখন গ্ৰন্থ প্ৰণয়নৰ কামত ব্যস্ত হৈ আছে যদিও দুৰাৰোগ্য ৰোগত আক্ৰান্ত শৰ্মিষ্ঠাৰ জীৱন নিৰ্বাহ অতি কষ্টকৰ হৈ পৰিছে । সেয়ে লেখিকাগৰাকীক কোনো হৃদয়বান লোকে সহায় কৰিব পাৰে । শৰ্মিষ্ঠা প্ৰীতমৰ বেংক একাউণ্টৰ সবিশেষ তলত উল্লেখ কৰা হ'ল ।
নাম : শৰ্মিষ্ঠা প্ৰীতম বৰুৱা
একাউণ্ট নম্বৰ : 40400130731
IFSC Code : SBINO002103
Raha Branch, State Bank of India, Nagaon, Assam
Google Pay No : 9954854538
লগতে পঢ়ক : অসম আন্দোলনৰ অগ্ৰণী নেতা বগামল দত্তৰ বিয়োগ