নগাঁও, 9 নৱেম্বৰঃ মুকুতা মণি বিচাৰি আপুনি আৰু সাগৰলৈ যাব নালাগে,ইচ্ছা কৰিলে আপোনাৰ ঘৰৰ পুখুৰীতে পাব সাগৰৰ মুকুতা ৷
এতিয়াৰ পৰা অসমতে পাব মূল্যৱান বগা মুকুতা ৷ অসমত ওলাইছে মুকুতা ৷ এইয়া সম্ভৱ হৈ উঠিছে নগাঁৱৰ এজন যুৱকৰ প্ৰচেষ্টাত ৷ অসমৰ নগাঁও জিলাৰ ধিঙৰ বেছামাৰীত উৎপাদন হৈছে সমুদ্ৰৰ অমূল্য মুকুতা ৷ বৈজ্ঞানিক পদ্ধতিৰে কৰা হৈছে মুকুতাৰ খেতি ৷ বেছামাৰীৰ স্থানীয় যুৱক তথা বিজ্ঞানৰ স্নাতক ৰুলেন হাজৰিকাই একক প্ৰচেষ্টাৰে আৰম্ভ কৰিছে মুকুতাৰ খেতি ৷ অসমত প্ৰথমবাৰৰ বাবে কানখোলা শামুকৰ বুকুত চলিছে মুকুতাৰ খেতি ৷ বহিঃৰাজ্যৰ পৰা এই সন্দৰ্ভত প্ৰশিক্ষণ লৈ আহি নিজ ঘৰতে এবিধ শামুকত আৰম্ভ কৰিছে মুকুতাৰ খেতি ৷
সচৰাচৰ আমি আঙঠি,চেইন আদিত ব্যৱহাৰ কৰা মুকতাৰ চাহিদা অধিক । বহিঃৰাষ্ট্রৰ দৰে অসমতো মুকুতা উৎপাদন কৰিব পৰা যায় তাৰবাবে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু মূলধনৰ প্ৰয়োজন। এই ক্ষেত্ৰত নগাঁৱৰ ৰুলেন হাজৰিকাই নিজাববীয়াকৈ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ চিন্তা চর্চা কৰিছে । উৰিষ্যা,ৰাজস্থান আৰু পশ্চিমবংগ চৰকাৰৰ দৰে অসম চৰকাৰে মুকুতা খেতি কৰিবলৈ অসমৰ যুৱক যুৱতীক উৎসাহিত কৰাৰ বাবে আহ্বান জনাইছে ৰুলেন হাজৰিকাই । যুৱকজনে ৰাজ্যত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।
লগতে জানিবলৈ চাওকঃ অযোধ্যা ভূমি-বিবাদ: কটকটীয়া নিৰাপত্তা ব্যৱস্থা অসমত