ETV Bharat / state

পদে পদে মৃত্যুৰ ক্ষণ গণিছে ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্পই

দেশৰ অন্যতম প্ৰধান বিত্তীয় প্ৰতিষ্ঠান ঔদ্যোগিক বিকাশ বেংকৰ 140 কোটি টকা ঋণ প্ৰদানৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্পটো নিৰ্মাণৰ প্ৰাথমিক পৰ্যায়তে মৃত্যুৰ ক্ষণ গনিব লগা হৈছে । বৰ্তমান ভূত-বাংলাত পৰিণত কাগজ কলটো ৷

dhing-paper-mill-special-news
পদে পদে মৃত্যুৰ ক্ষণ গণিছে ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্প
author img

By

Published : Jan 23, 2021, 7:12 PM IST

Updated : Jan 23, 2021, 9:29 PM IST

ধিং, 23 জানুৱাৰী : এছিয়া মহাদেশৰ ভিতৰত স্থাপন হ'ব লগা বৃহত্তম ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্প নামৰ উদ্যোগটোৰ 1987 চনতে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । দেশৰ অন্যতম প্ৰধান বিত্তীয় প্ৰতিষ্ঠান ঔদ্যোগিক বিকাশ বেংকৰ 140 কোটি টকা ঋণ প্ৰদানৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্পটো নিৰ্মাণৰ প্ৰাথমিক পৰ্যায়তে মৃত্যুৰ ক্ষণ গনিব লগা হৈছে ।

dhing-paper-mill-special-news
ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্পৰ দৃশ্য

ধিং চহৰৰ উত্তৰ দিশত 73 হেক্টৰ মাটি-কালিৰ এক বিস্তৃত উদ্যোগ ক্ষেত্ৰত কাগজ প্ৰকল্পটোৰ মুল কাৰখানা ঘৰ নিৰ্মাণকে ধৰি কিছুসংখ্যক যন্ত্ৰপাতি কিনাৰ পিচতেই নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰে । অসম চৰকাৰৰ ইকুইটি অংশৰ 12 কোটি টকা বিনিয়োগেৰে আৰম্ভ কৰা এই উদ্যোগটোৰ কাৰখানা গৃহ, গুদাম ঘৰ, মুখ্যভাণ্ডাৰ গৃহ, অভাৰহেড টেংক 20 মেট্ৰিকটন ওজন কৰিব পৰা ব্ৰে' বীজ আৰু কৰ্মচাৰী সকলৰ 61 টা আৱাসগৃহৰ লগতে কিছু সংখ্যক যন্ত্ৰপাতিও এতিয়াও এতিয়া সম্পূৰ্ণৰূপে পৰিত্যক্ত অৱস্থাত পৰি আছে ।

dhing-paper-mill-special-news
ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্পৰ দৃশ্য

উদ্যোগটো নিৰ্মাণৰ বাবে কিনি অনা প্ৰায় ডেৰ হেজাৰ মেট্ৰিক টন লোহাৰ সামগ্ৰী 1997 চনতে বিক্ৰী কৰা হ'ল । উদ্যোগিক বিকাশ বেংকে 140 কোটি আৰু অসম চৰকাৰে 20 কোটি টকা ব্যয়ৰে প্ৰকল্পটো আৰম্ভনি কৰিবলৈ কথা আছিল যদিও বেংকে ঋণ প্ৰদানত বিলম্বিত কৰণৰ নীতি গ্ৰহণ কৰাত কাগজ প্ৰকল্পটো বৰ্তমান মৃত্যুৰ ক্ষন গণি আছে । যাৰ বাবে 1989-90 চনৰ বছৰটোৰ পৰা উদ্যোগটোৰ কাম কাজ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰে ।

পদে পদে মৃত্যুৰ ক্ষণ গণিছে ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্পই

লগতে পঢ়ক : পুৰণিগুদামত দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী বাহন : আহত কেইবাজনো

প্ৰায় 33 টা বছৰ কাল পৰিত্যক্ত অৱস্থাত থকা এই উদ্যোগটোক এনেদৰে হাবি জংঘলে ছানি ধৰিছে । নানা ধৰণৰ জীৱ-জন্ত আৰু ডাঙৰ ডাঙৰ সাপৰ আৱাসস্থলিত পৰিণত হৈছে প্ৰকল্পটো । সম্পূৰ্ণ হাবি-জংঘলে আবৰি ধৰা কাৰখানা গৃহ গুদাম ঘৰ আৰু কৰ্মচাৰীৰ আৱাস গৃহবিলাক বৰ্তমান ভূত বাংলাত পৰিণত হৈছে । অতি পৰিতাপৰ বিষয় যে, এই উদ্যোগটোৱে প্ৰত্যক্ষভাৱে 3000 লোকক কৰ্মসংস্থাপনৰ সুবিধা দিয়াৰ ব্যৱস্থা আছিল । প্ৰথম অৱস্থাত 25 জন কৰ্মচাৰী নিযুক্তি দিয়া হৈছিল । তেওঁলোক বৰ্তমান দৰমহা নোপোৱা ব্যক্তি ।

dhing-paper-mill-special-news
উদ্যোগটাৰ ভিতৰৰ দৃশ্য

কৰ্মচাৰী সকলে দৰমহা নাপায় উদ্যোটোৰ চৌহদত থকা বিভিন্ন সামগ্ৰী বিক্ৰী কৰি পেট প্ৰৱৰ্তন কৰিব লগা হৈছে । উল্লেখ্য যে, বিগত অগপ চৰকাৰৰ আমোলত অৰ্থাত 1987 চনতে আৰম্ভ হোৱা এই উদ্যগটিৰ সমান্তৰালভাৱে মহাৰাষ্ট্ৰতো থাপাৰ গ্ৰোপৰ কাগজ প্ৰকল্পটো আৰম্ভ হৈছিল । উদ্যোগিক বিকাশ বেংকৰ ঋণৰ সহায়ত স্থাপন হোৱা এই দুটা উদ্যোগৰ ভিতৰত বেংক কৰ্তৃপক্ষই থাপাৰ গ্ৰোপত 75 কোটি টকা ঋণৰ অনুমোদন দিছিল ।

dhing-paper-mill-special-news
উদ্যোগটাৰ ভিতৰৰ দৃশ্য

লগতে পঢ়ক : 73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

Last Updated : Jan 23, 2021, 9:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.