ETV Bharat / state

আঁহত গছত মৌ, ক'ত আছে বাৰু ! - দৃষ্টি আকৰ্ষণ

ধিঙত দুজোপা পুৰণি আঁহত গছে দৃষ্টি আকৰ্ষণ কৰিছে পথচাৰীৰ । আঁহত গছ দুজোপাৰ ডালবোৰ ভৰি আছে মৌ-চাকেৰে । যিফালেই চকু যায়, সেইফালেই কেৱল মৌ-মাখি । নগাঁও-ধিং গড়কাপ্তানী পথৰ দুয়োকাষে থকা দুজোপা গছত প্ৰায় ২০ বছৰ ধৰি আশ্ৰয় লৈছে মৌ-মাখিবোৰে ।

ধিঙত দুজোপা পুৰণি আঁহত গছত আশ্ৰয় লৈছে মৌ-মাখিয়ে

author img

By

Published : Apr 12, 2021, 7:29 PM IST

ধিং, ১২ এপ্ৰিল: নগাঁৱৰ ধিঙত দুজোপা আঁহত গছত পৰিলক্ষিত হৈছে বিৰল দৃশ্য । গছ দুজোপাত আশ্ৰয় লৈছে মৌ-মাখিয়ে । ধিঙলৈ অহা প্ৰতিগৰাকী লোকক যেন আদৰণিহে জনাইছে হাজাৰ হাজাৰ মৌ-মাখিয়ে । ধিঙলৈ প্ৰৱেশ কৰাৰ পথতে চমুৱাগাঁৱত নগাঁও-ধিং গড়কাপ্তানী পথৰ দুয়োকাষে দেখা গৈছে এই দৃষ্টিনন্দন দৃশ্য ।

পথটোৰ দুয়োকাষে আছে দুজোপা আঁহত গছ আৰু পথৰ ওপৰেৰে দুয়োজোপা গছৰ ডালবোৰ প্ৰায় লগ লাগি আছে । এই গছ কেইজোপাৰ ডালবোৰ ভৰি আছে মৌ-চাকেৰে, যি এতিয়া পথচাৰীৰ আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে । আঁহত গছ দুজোপাৰ ওপৰলৈ যিফালেই চকু যায়, সেইফালেই কেৱল মৌ-মাখি ।

ধিঙত দুজোপা পুৰণি আঁহত গছত আশ্ৰয় লৈছে মৌ-মাখিয়ে

ধিং এক্সপ্রেছ হিমা দাসৰ ঘৰলৈ আগমন ঘটা ৰাজ্যৰ তথা বহিঃৰাজ্যৰ প্ৰতিগৰাকী লোকৰো দৃষ্টি আকৰ্ষণ কৰিছে এই মৌ-চাকবোৰে । প্ৰায় ২০ বছৰ ধৰি আশ্ৰয় লৈছে মৌ-মাখিবোৰে । এই মৌ-মাখিবোৰৰ যাতে কোনো অসুবিধা নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখে অঞ্চলটোৰ লোকসকলেও ।

মৌ-মাখিবোৰে সচৰাচৰ বাটৰুৱাক আক্ৰমণ নকৰে । অৱশ্যে, মৌ-চাক থকা ঠাইখিনিত যদি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় তেন্তে মৌ-মাখিবোৰে মানুহক আক্রমণ কৰে । গাঁৱত যিকোনো অনুষ্ঠানৰ আয়োজন কৰিলে যাতে অতি মাত্ৰাত গীত, বাদ্যযন্ত্ৰৰ শব্দৰ সৃষ্টি নহয়, তাৰ প্ৰতি সজাগ হৈ থাকে ৰাইজ ।

অন্যথা এই মৌ-মাখিয়ে ভয়াৱহ ৰূপ ধাৰণ বহু উদাহৰণ কৰাৰ আছে । আনহাতে, পথটোৰে অনবৰতে যানবাহন অহা-যোৱা কৰি থকা স্বত্বেও মৌ-মাখিবোৰে নিৰ্ভয়ে গছ দুজোপাত আশ্ৰয় লৈ থকা দৃশ্যই আপ্লুত কৰিছে বাটৰুৱাক ।

লগতে পঢ়ক:অৱশেষত দৈয়াং নদীত সন্ধানহীন যুৱক মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.