ETV Bharat / state

Death Anniversary of Anandaram Dhekial Phukan : অসমীয়া ভাষা আন্দোলনৰ গুৰি ধৰোঁতা আনন্দৰাম ঢেকিয়াল ফুকনক স্মৰণ - Anandaram Dhekial Phukan bridge

আনন্দৰাম ঢেকিয়াল ফুকনৰ নামত নগাঁৱত আছে এখন মহাবিদ্যালয়, আছে এখন সেঁতু । আজি আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু দিৱস । কিন্তু আনন্দৰাম ঢেকিয়াল ফুকন কোন আপুনি জানেনে ? মৃত্যু দিৱসৰ দিনটোত জানো আহক আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে ।

Death Anniversary of Anandaram Dhekial Phukan

author img

By

Published : Jun 16, 2023, 7:46 PM IST

আনন্দৰাম ঢেকিয়াল ফুকনক স্মৰণ

নগাঁও, ১৬ জুন : ব্ৰিটিছ চৰকাৰৰ শাসনকালত অসমত চৰকাৰী কাৰ্যালয়ত বাংলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষা প্ৰচলনৰ বাবে অহোপুৰুষাৰ্থ কৰা এজন ব্যক্তি হৈছে আনন্দৰাম ঢেকিয়াল ফুকন । শুকুৰবাৰে আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু তিথি । ১৮২৯ চনৰ ২৪ আগষ্টত জন্ম হৈছিল এইগৰাকী ক্ষণজন্মা পুৰুষৰ । মাত্ৰ ২৯ বছৰ বয়সতে তেওঁ 'অসমীয়া ল'ৰাৰ মিত্ৰ'কে ধৰি তিনিখন গ্ৰন্থ ৰচনা কৰিছিল । তেওঁৰ পিতৃ হলিৰাম ঢেকিয়াল ফুকন প্ৰথমে আহোম ৰজাৰ বিষয়া আছিল । ব্ৰিটিছৰ শাসনকালত তেওঁ কামৰূপৰ সহকাৰী হাকিম পদত কাৰ্যনিৰ্বাহ কৰে ।

আনন্দৰাম ঢেকিয়াল ফুকনৰ পিতৃৰ মৃত্যুৰ পিচত তেওঁৰ ৫ বছৰ বয়সত ককাকে সংস্কৃত টোলত তেওঁক নাম লগাই দিয়ে । কিন্তু খুৰাকে তেওঁক গুৱাহাটীৰ প্ৰথমখন ইংলিছ স্কুল গৌহাটি ইংলিছ স্কুলত নাম লগাই দিয়ে । জেমছ মেথিউ আৰু জেনকিন্স নামৰ দুজন ইংৰাজে ১৮৪১ চনত উচ্চ শিক্ষাৰ বাবে তেওঁক কলিকতালৈ পঠিয়াইছিল । কিন্তু ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে তেওঁ ঘৰলৈ উভতি আহে । ঘৰলৈ আহি তেওঁ ইংৰাজী,উৰ্দু আৰু ফাৰ্চী ভাষাৰ শিক্ষা গ্ৰহণ কৰে ।

১৮৪৭ চনত ঢেকিয়াল ফুকন খাটা পৰগণাৰ জিম্মাদাৰ নিযুক্ত হয় । পিচত তেওঁ মুন্সিফ পদলৈ পদোন্নতি লাভ কৰে । ১৮৪৯ চনত তেওঁ সহকাৰী আয়ুক্ত পৰীক্ষাত উত্তীৰ্ণ হয় । পৰৱৰ্তী সময়ত তেওঁ নগাঁও আৰু গোৱালপাৰা জিলাৰ সহকাৰী উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে । ১৮৫২ চনত বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে নিযুক্তিলাভ কৰে । ১৮৫৪ চনত আনন্দৰাম ঢেকিয়াল ফুকন নগাঁৱৰ প্ৰধান এছিষ্টেণ্ট হিচাপে বদলি হয় । ১৮৫৫ চনত ঢেকিয়াল ফুকনে ৰচনা কৰা 'এ ফিউ ৰিমাৰ্কছ অন দ্য এছামিজ লেংগুৱেজ' নামৰ গ্ৰন্থখনত তেওঁ অসমত চৰকাৰীভাৱে বাংলা ভাষা প্ৰচলনৰ বিৰোধ কৰি যুক্তি দাঙি ধৰিছিল ।

এই গ্ৰন্থখন শিৱসাগৰৰ বেপ্তিষ্ট মিছন প্ৰেছৰ পৰা প্ৰকাশ হৈছিল । ১৮৫৩ চনত ব্ৰিটিছ মোফাট মিলছ চাহাব অসমলৈ আহোঁতে আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি দাঙি ধৰি আবেদন কৰিছিল । ১৮৫৫ চনত তেওঁ 'এ ফিউ ৰিমাৰ্কছ অন দ্য এছামিজ লে‌গুৱেজ এণ্ড অন দ্য ভাৰ্ণেকুলৰ এডুকেচন ইন আছাম' গ্ৰন্থখন লিখি উলিয়ায় । এই পুথিখনত অসমীয়া ভাষা যে বাংলা ভাষাৰ ঠাল নহয় সেই কথা বিভিন্ন যুক্তি-তথ্যৰে দাঙি ধৰা হৈছে । ঢেকিয়াল ফুকনে 'এ নেটিভ' নামৰ কিতাপখনৰ ১০০ টা কপি ছপা কৰি সেই সময়ৰ ভাৰতৰ অন্যান্য চৰকাৰী দপ্তৰলৈ পঠিয়ায় ।

অসমত বাংলা ভাষাৰ বিৰোধিতাৰ আন্দোলন গঢ়ি তোলাত এই গ্ৰন্থখনে অৰিহণা যোগাইছিল । কিন্তু ১৮৫৯ চনৰ ১৬ জুনত মাত্ৰ ২৯ বছৰ বয়সতে তেওঁৰ মৃত্যু হয় । আনন্দৰাম ঢেকিয়াল ফুকনৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে নগাঁও আৱৰ্ত ভৱনৰ সন্মুখত তেখেতৰ এটা প্ৰতিমূৰ্তি চৰকাৰীভাৱে স্থাপন কৰা হৈছে । নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়তো তেওঁৰ এটা প্ৰতিমূৰ্তি আছে । নগাঁও চহৰত কলঙৰ ওপৰত থকা পকী দলঙৰ নামো আনন্দৰাম ঢেকিয়াল ফুকন সেঁতু ৰখা হৈছে ।

আজি বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যু দিনটো শ্ৰদ্ধাৰে সুঁৱৰিছে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰবক্তা তথা লেখক অৰিন্দম বৰকটকীয়ে । উল্লেখযোগ্য যে আনন্দৰাম ঢেকিয়াল ফুকনে দেৱানী মামলাৰ নিষ্পত্তি, সদৰৰ মামলাৰ নিষ্পত্তি আদি গ্ৰন্থ ৰচনা কৰিছিল । তেওঁ কলিকতাত ১৮৫২ চনত কলিকতা নিউ প্ৰেছ নামৰ এটা ছপাশালো খুলিছিল । সম্পৰ্কীয় খুৰাক গুণাভিৰাম বৰুৱাক এই প্ৰেছ পৰিচালনাৰ দায়িত্ব দিছিল ।

লগতে পঢ়ক :ETV Interview: শ্ৰী ৰঘুপতিত বলিষ্ঠ অভিনয় কৰা প্ৰবীণ অভিনেতা অৰুণ নাথৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.