ETV Bharat / state

তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন

author img

By

Published : Dec 5, 2020, 10:28 PM IST

নগাঁৱত দহটা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন । মাস্ক পৰিধান কৰিহে ভোটকেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব ভোটাৰ । ভোটাৰক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব হেণ্ড গ্ল'বছ । সংবাদমেলত অৱগত কৰিলে জিলা উপায়ুক্ত কবিথা পদ্মনাভনে ।

তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন
তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন

নগাঁও,5 ডিচেম্বৰঃ নগাঁও জিলাৰ দহটাকৈ তিৱা স্বায়ত্বশাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন । নগাঁৱৰ দহটা পৰিষদীয় নিৰ্বাচনৰ ৩৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮০,২৪২ ভোটাৰে । ১৭ ডিচেম্বৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে নগাঁৱৰ ১০২ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । ১০২ টা ভোটকেন্দ্ৰৰ ১৭ টা স্পৰ্শকাতৰ, ৩৪ টা অতি স্পৰ্শকাতৰ আৰু ৪৫ টা নিৰাপদ ভোটকেন্দ্ৰ । অহা ১৯ ডিচেম্বৰত নগাঁৱত অনুষ্ঠিত হ’ব দহটা পৰিষদীয় সমষ্টিৰ ভোটগণনা ।

উল্লেখযোগ্য যে, তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নগাঁৱৰ মুঠ ৫৮৫ বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে । ভোট গ্ৰহণৰ বাবে নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা । ভোটগ্ৰহণৰ পূৰ্বে ভোটকেন্দ্ৰসমূহ সম্পূৰ্ণ চেনিটাইজ কৰাৰ লগতে ভোটগ্ৰহনৰ বাবে নিয়োজিত বিষয়া, কৰ্মচাৰীক ক’ভিড প্ৰট'কল মতেই হেণ্ড গ্ল'বছ, মাস্কৰ লগতে প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰিব জিলা প্ৰশাসনে । ভোট কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে সকলো ভোটাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে জিলা প্ৰশাসনে । ভোটাৰক বিনামূলীয়া হেণ্ড গ্ল'বছ দিয়াৰো ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । শনিবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত এক সংবাদ মেলৰ আয়োজন কৰি এই তথ্য সদৰী কৰে জিলা উপায়ুক্ত কবিথা পদ্মনাভনে ।

লগতে পঢ়কঃ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুত কামৰূপ মহানগৰ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.