ETV Bharat / state

জাজৰি আৰক্ষীৰ জালত 9 মাহে পলাতক অৱস্থাত থকা অভিযুক্ত

author img

By

Published : Apr 7, 2020, 2:57 PM IST

মঙলবাৰে জাজৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়, ন মাহে পলাতক অৱস্থাত থকা বটদ্ৰৱা ৰাইডঙীয়াৰ জিতু ভূঞা নামৰ অপৰাধী জনক ।

criminal arrested in batadrava
criminal arrested in batadrava

বটদ্ৰৱা, 7 এপ্ৰিলঃ ন মাহযোৰা এক অভিযানৰ অন্তত জাজৰি আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিলে এগৰাকী পলাতক অৱস্থাত থকা অভিযুক্ত অপৰাধীক । বটদ্ৰৱা ৰাইডঙীয়াৰ জিতু ভূঞা নামৰ পলাতক অৱস্থাত থকা লোকজনক মঙলবাৰে গ্ৰেপ্তাৰ কৰে জাজৰি আৰক্ষীয়ে । ২০১৯ বৰ্ষৰ জুলাই মাহত ৰাইডঙীয়াৰ টংকেশ্বৰ শইকীয়া নামৰ লোকজনক চোকা অস্ত্ৰৰে ডিঙিত আক্ৰমণ কৰি, হত্যা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছিল জিতু ভূঞাৰ বিৰুদ্ধে । বৰ্তমান আৰক্ষীয়ে লোকজনক জেৰা অব্যাহত ৰাখিছে ।

জাজৰি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ন মাহে পলাতক অৱস্থাত থকা অভিযুক্ত

উল্লেখ্য যে, জিতু ভূঞা নামৰ লোকজন বিৰুদ্ধে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগত জড়িত হৈ থকাৰো অভিযোগ আছে । নিষিদ্ধ ড্ৰাগছ, হেৰ'ইনৰ দৰে নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ৰ লগতো জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে লোকজনৰ বিৰুদ্ধে ।

লগতে পঢ়কঃ কৰ্তব্যৰত বিষয়াক বাধা দিয়াৰ অপৰাধত গোচৰ ৰুজু পাইকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.