নগাঁও, 1 জুলাইঃ বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো প্ৰতিবাদ সাব্যস্ত কৰিলে বাওঁ গণতান্ত্ৰিক মঞ্চই ৷ বান, মহামাৰী আদি ভিন্ন সমস্যাই জুৰুলা কৰাৰ সময়তে অসমত পেট্ৰ'ল-ডিজেল, নিত্য ব্যৱহাৰ্য সামগ্ৰী আদিৰ মূল্যবৃদ্ধিৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷ লগতে ৰোগক লৈ বিজেপি চৰকাৰী ৰাজনীতি কৰি আগন্তুক নিৰ্বাচনত স্থান দখল বিচাৰিছে বুলিও উল্লেখ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সভাপতি অৰূপ মহন্তই ৷ ইয়াৰ বিৰুদ্ধে সদায় আন্দোলন কৰি যাব বুলিও উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷
এই মূল্যবৃদ্ধিয়ে সম্প্ৰতি অসুবিধাৰ সৃষ্টি কৰিছে খাটি খোৱা লোকৰ মাজত ৷ কিন্তু এই লক ডাউনৰ সময়ত নৰেন্দ্ৰ মোডী চৰকাৰে এনেদৰে মূল্যবৃদ্ধি কৰি আৰ্থিকভাৱ দুৰ্বল কৃষক তথা লোকক মাধমাৰ শোধাইছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়কঃ পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাওঁপন্থী দলৰ