নগাঁও, ২১ : সোমবাৰে বিভিন্ন দাবীৰে নগাঁওত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই কাৰ্যসূচীত আয়কৰ দিব নলগা প্ৰতিটো পৰিয়ালক ৭,৫০০ টকাকৈ আদায়ৰ লগতে কেইবাটাও দাবী উত্থাপন কৰে ৷
সোমবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সমীপত দলটোৰ শতাধিক নেতা কৰ্মীয়ে ক’ভিড প্ৰট'কল মানি গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । উল্লেখ্য যে, ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ।
ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আয়কৰ দিব নলগা প্ৰতিটো পৰিয়ালক মাহে ৭,৫০০ টকাকৈ নগদ আদায় দিয়া, প্ৰতিজন দৰিদ্ৰ লোকক ১০ কিলোগ্ৰামকৈ চাউল যোগান ধৰা, চৰকাৰী বিভিন্ন আঁচনিত সংঘটিত দুৰ্নীতি বন্ধ কৰা, বানপীড়িতসকলৰ পৰ্য্যপ্ত সাহায্য নিশ্চিত কৰাৰ সমান্তৰালকৈ CAA আৰু EIA বাতিল কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে চি পি আই এমে ।
লগতে পঢ়ক :হোজাইৰ কাকীত কাঠফলা মিল উৎখাত বন বিভাগৰ