ৰূপহীহাট, 4 জানুৱাৰী : ৰাজ্যত দিনে দিনে বৃদ্ধি পাই আহিছে গৰু চোৰৰ উপদ্ৰৱ ৷ দেওবাৰে নগাঁৱৰ ৰূপহীহাটৰ জুৰীয়াত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযান ৷ এক গোপন খবৰৰ পম খেদি জুৰীয়াৰ মেলেকাধিং গাঁৱত আৰক্ষীয়ে অভিযান চলাই ২৭ টা গৰুসহ AS-02BC-7065 নম্বৰৰ এখন ট্ৰাক জব্দ কৰাৰ লগতে চাৰিজনকৈ চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰে ৷
আটক হোৱা চোৰাং গৰু সৰবৰাহকাৰী কেইজন হ'ল ক্ৰমে আজিজুল হক,ইমদাদুল ইছলাম,মজিবুৰ ইছলাম আৰু মজিবুৰ ৰহমান। আৰক্ষীয়ে জনোৱা মতে, শিৱসাগৰৰ পৰা লৈ আনিছিল গৰু কেইটা । ইতিমধ্যে আৰক্ষীয়ে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: স্বামীক হত্যা কৰি তিনি সন্তানসহ মহিলাৰ আত্মহত্যাৰ চেষ্টা