ৰূপহীহাট,4 মে': ৰাজ্যত ক্ৰমাৎ অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰাৰ পিছতো ৰোধ কৰিব পৰা নাই ভাইৰাছবিধৰ সংক্ৰমণ ৷ সমান্তৰালভাৱে ৰূপহীহাটতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ জুৰীয়াৰ ধিং গাঁৱত একেটা পৰিয়ালৰ 7 গৰাকী সদস্য ক্ৰমে মিনহাজুল আলম, জমিলা খাতুন, চাকিনা খাতুন, চামিনা আক্তাৰা, ছাহানুৰ আলম, আব্দুল লতিফ, হাফিজা খাতুন নামৰ ব্যক্তি কেইজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ অৱস্থিতি ৷
ইফালে ৰূপহীহাটৰ গড়াজানৰ বাবুল মণ্ডল, হৰেন্দ্ৰ মণ্ডল, ৰূপহীৰ আজাহাৰ উদ্দিন, আনন্দ মজুমদাৰ, দীপক দেৱনাথ, তাপস দাস নামৰ আন সাতগৰাকী ব্যক্তিৰ দেহতো ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি । দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰকে ধৰি বিভিন্ন স্বাস্থ্য কেন্দ্ৰত কৰা ৰেপিড এণ্টিজেন পৰীক্ষাত ধৰা পৰে এইসকল লোকৰ দেহত ক’ভিড 19 ৰ অৱস্থিতি । বৰ্তমানে আটাইকেইজনকে হোম কোৱাৰেণ্টাইনত ৰখা হৈছে ।
আনহাতে, চকলাঘাট বামুণ গাঁৱৰ শিখাজ্যোতি বৰা আৰু স্বামী জয়ন্ত মুদৈৰ দেহতো ক’ভিড-19 ৰ অৱস্থিতি ধৰা পৰিছে ৷
লগতে পঢ়ক : গোৱালপাৰাৰ কাছুমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা