কলিয়াবৰ, 17 মেঃ কলিয়াবৰত পুৱেৰুণ সংঘৰ সহযোগত চুলুং আৰক্ষীয়ে নলতলিত মাস্ক সজাগতাৰ বাবে অভিযান চলায় ৷ ৰাইজক মাস্ক পৰিধানৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ আৰু সচেতনতাৰ বৃদ্ধিৰ উদ্দেশ্যে আৰক্ষী আৰু সংঘৰ সদস্যসকলে এই অভিযান চলায় ।
কলিয়াবৰত মহামাৰী ক'ৰণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে মাস্ক পৰিধানৰ বাবে সজাগতা অভিযান চলায় । পুৱেৰুণ সংঘৰ সহযোগত চুলুং আৰক্ষীয়ে নলতলিত চলাই এই অভিযান । মাস্ক নিপিন্ধা ব্যক্তিক মাস্ক উপহাৰ দি মাস্ক পৰিধানৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰে আৰক্ষী আৰু পুৱেৰুণ সংঘৰ সদস্যসকলে । কাইলৈৰ পৰা মাস্ক নিপিন্ধা ব্যক্তিক ৫০০ টকাকৈ জৰিমনা বিহিব বুলি আৰক্ষীয়ে এই অভিযান কালত সতৰ্ক কৰি দিয়ে ৰাইজক । ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে ঘোষণা কৰা লক ডাউনৰ নীতি-নিয়ম সমুহ মানি চলিবলৈ সকলো ৰাইজক আহ্বান আৰক্ষীৰ লগতে পুৱেৰুণ সংঘৰ সদস্য সকলৰ ৷
লগতে পঢ়ক- ধনশিৰিৰ মিজোৰাম আৰক্ষীৰ শিৱিৰত গুলীয়াগুলি !