ETV Bharat / state

কৰ'ণাত আক্ৰান্ত হৈ নগাঁৱত এজনৰ মৃত্যু

সমগ্ৰ দেশতে পুনৰ ক'ভিড-১৯ৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । অসমতো ক্ৰমান্বয়ে পৰিস্থিতি বেয়াৰ ফালে গতি কৰিছে । পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা । বৃহস্পতিবাৰৰ দিনটোত নগাঁৱত এটি তিনিবছৰীয়া শিশুসহ পাঁচগৰাকীকৈ লোকৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ লগতে এগৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় ।

কৰ'ণাত আক্ৰান্ত হৈ নগাঁৱত এজনৰ মৃত্যু
কৰ'ণাত আক্ৰান্ত হৈ নগাঁৱত এজনৰ মৃত্যু
author img

By

Published : Apr 9, 2021, 12:03 PM IST

নগাঁও, ৯ এপ্ৰিল: দেশৰ লগতে ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ দ্ৰুত গতিত ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । নগাঁৱতো অতি দ্ৰুত গতিত ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । ক'ৰণাৰ দ্বিতীয় ঢৌৱে নগাঁৱত সৃষ্টি কৰিছে আতংকৰ । বৃহস্পতিবাৰৰ দিনটোত এটি তিনিবছৰীয়া শিশুসহ পাঁচগৰাকীকৈ লোকৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ লগতে এগৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় ।

কৰ'ণাত আক্ৰান্ত হৈ নগাঁৱত এজনৰ মৃত্যু
কৰ'ণাত আক্ৰান্ত হৈ নগাঁৱত এজনৰ মৃত্যু

বৃহস্পতিবাৰে মৃত্যু হোৱা লোকজন মেঘৰাজ কোঠাৰী বুলি জানিব পৰা গৈছে । গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মেঘৰাজ কোঠাৰীৰ । কোঠাৰীৰ লগতে তেওঁৰ পৰিয়ালৰ আটাইকেইজন সদস্য ক'ভিড-১৯ত আক্ৰান্ত হৈছিল । ইফালে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এগৰাকী কৰ্মচাৰীও আক্ৰান্ত হয় ক'ভিড-১৯ ত ।

লক্ষণীয় বিষয়টো এয়ে যে, ক'ৰণাৰ দ্বিতীয়টো ঢৌৱে ভাৰতত ইতিমধ্যে ভয়াবহ ৰূপ লৈছে, যাৰ পৰিপ্ৰেক্ষিতত দেশৰ কেইবাখনো ৰাজ্যত লকডাউনৰ লগতে নৈশ সান্ধ্য আইনৰ নিৰ্দেশনা জাৰি কৰা হৈছে ।

লগতে পঢ়ক: মৰিগাঁৱত বানৰ পূৰ্বে ৰেড ক্ৰছ চ’ছাইটিৰ সজাগতা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.