বটদ্ৰৱা, 21 মাৰ্চঃ চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালি আৰক্ষীৰ লগতে বটদ্ৰৱা শান্তিযান বজাৰ কৰ্তৃপক্ষৰ । শ শ লোকৰ সমাগমত খোলা থাকিল সাপ্তাহিক বজাৰ ৷ সমগ্ৰ ৰাজ্যজুৰি মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ বাবে স্থগিত ৰখা হৈছে চৰকাৰী বে-চৰকাৰী অনুস্থান প্ৰতিষ্ঠান । জিলা প্ৰশাসনেই জৰুৰীকালীন অৱস্থাৰ বাবে জাৰি কৰিছে ১৪৪ ধাৰা । কিন্তু এই সকলো নিতী-নিৰ্দেশনাক অগুষ্ঠ দেখুৱাই বটদ্ৰৱা আৰক্ষী থানাৰ এশ মিটাৰ নিলগত থকা শান্তিযান বজাৰত বৃহৎ লোকৰ সমাগমেৰে খোলা থাকিল সাপ্তাহিক বজাৰ । আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দেখিবলৈ পোৱা গ'ল বৃহৎ জনসমাগম বজাৰত ৷ কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে জাৰি কৰা সকলো নিষেধাজ্ঞা আওকাণ কৰি শনিবাৰে বটদ্ৰৱাৰ শান্তিযান সাপ্তাহিক বজাৰ খোলা ৰখা বিষয়টোয়ে বিশেষ তাৎপর্য বহন কৰিছে ৷ ইফালে একাংশ অসাধু ব্যৱসায়ীয়ে চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা মাস্ক বজাৰত মুকলিকৈ বিক্ৰী কৰিছে চৰা দামত । অভিযোগ অনুসৰি, নগাঁওৰ এগৰাকী চিকিৎসকে ৩০ টকাকৈ ব্যৱসায়ীক বিক্ৰী কৰিছে মাস্কসমূহ । আৰু সেই মাস্কসমূহে ৪০ টকাত বজাৰত মুকলিকৈ বিক্ৰী কৰিছে ব্যৱসায়ীয়ে । চৰকাৰী মাস্কৰ মুকলি বেহাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটো উদঙাইছে বুলি মন্তব্য কৰে সচেতন মহলে । জিলা প্ৰশাসনৰ নিষেধাজ্ঞাক ভেঙুচালি কৰি বটদ্ৰৱা আৰক্ষীৰ লগতে বজাৰ পৰিচালনা সমিতিয়ে হেতালি খেলিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে সচেতন মহলে ৷
আনহাতে, বজাৰত সমাগম হোৱা লোকৰ বহু সংখ্যক লোকেই মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা ন'গল । যাৰ ফলস্বৰূপে হয়তো পৰৱৰ্তী সময়ত এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰে৷
উল্লেখ্য যে, কৰ'ণা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ তাৎক্ষনিক ব্যৱস্থা হিচাপে নগাওঁ জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা ৷ আনকি জিলাখনৰ সকলোবোৰ অৰ্ধ সাপ্তাহিক, সাপ্তাহিক বজাৰ আদি বন্ধৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত যাদৱ শইকীয়াই ৷