ETV Bharat / state

Congress Protest against Adani Group : আদানি গ্ৰুপৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Feb 6, 2023, 5:10 PM IST

আদানি গ্ৰুপৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ (Congress protest at Nagaon)। নগাঁৱৰ ভাৰতীয় ষ্টেট বেংক শাখাৰ সন্মুখত জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী । বিধায়ক নুৰুল হুদাকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাৰ অংশগ্ৰহণ । গৌতম আদানিক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই কংগ্ৰেছে ।

Congress Protest against Adani Group
আদানি গ্ৰুপৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

নগাঁও,৬ ফেব্ৰুৱাৰী : ৰাজ্যজুৰি আদানি গ্ৰুপ আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ দলে (Congress Protest against Adani Group)। আদানি গ্রুপৰ বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে নগাঁৱতো কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এল আই চি , এছ বি আইৰ ধন আত্মসাৎ কৰিব বিচৰা গৌতম আদানিক গ্ৰেপ্তাৰৰ দাবীত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে কেন্দ্ৰীয় চৰকাৰকো কংগ্ৰেছৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰত্যাহ্বান জনায় । দেশৰ অৰ্থনীতি থানবান কৰিব বিচৰা গৌতম আদানিক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাবলৈ কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় (Congress protest at Nagaon) ।

উল্লেখ্য যে পুঁজিপতি ব্যৱসায়ী গৌতম আদানিৰ ব্যৱসায়িক সাম্ৰাজ্যত লগা খেলি-মেলিৰ বাবে দেশৰ অৰ্থনীতি একপ্ৰকাৰ থানবান হোৱাৰ উপক্ৰম হৈছে (Adani Group share market controversy)। দুটাকৈ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এল আই চি আৰু এছ বি আইৰ ধন আত্মসাৎ কৰিব বিচৰা ব্যৱসায়ী গৌতম আদানিক সেয়ে গ্ৰেপ্তাৰৰ দাবী জনাইছে কংগ্ৰেছে ।

বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে সোমবাৰে নগাঁৱত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই চৰকাৰক তীব্ৰ সমালোচনা কৰে । নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰ আৰু গৌতম আদানিৰ বিৰুদ্ধে ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী । নগাঁৱৰ ষ্টেট বেংকৰ সন্মুখত কংগ্ৰেছ দলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী (Congress Protest in front of SBI Nagaon)।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে । জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাইও চৰকাৰৰ বিভিন্ন নীতিক সমালোচনা কৰে । ভাৰতৰ অৰ্থনীতি বিজেপি চৰকাৰে দুৰ্বল কৰি পেলোৱা বুলিও অভিযোগ কৰে কংগ্ৰেছ নেতা সুৰেশ বৰাৰ লগতে বিধায়ক নুৰুল হুদাই । যাৰ বাবে ভাৰতৰ জনসাধাৰণ দুখত পৰিব লগীয়া হৈছে ।

২০১৪ চনত বিজেপিয়ে শাসনভাৰ লোৱাৰ পাছৰে পৰা ভাৰতৰ অৰ্থনীতি নিম্নগামী হৈছে বুলি দুয়োগৰাকী কংগ্ৰেছ নেতাই অভিযোগ কৰে । ভাৰত চৰকাৰৰ সহযোগত এছবিআই আৰু এলআইচিত আদানি গ্রুপৰ বিপদজনক লেনদেনৰ বাবেই ভাৰতৰ অৰ্থনীতি বিপদগ্ৰস্থ হৈছে বুলিও তেওঁলোকে অভিযোগ কৰে । ভাৰত চৰকাৰে অতিশীঘ্ৰে আদানিক গ্ৰেপ্তাৰ কৰি চৰকাৰী ধন ঘূৰাই আনিব লাগে বুলিও দাবী উত্থাপন কৰে নগাঁও জিলা কংগ্ৰেছে (Congress MLA Nurul Huda slams BJP Govt)।

প্ৰতিবাদকাৰীৰ অভিযোগ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰে নিবনুৱাক চাকৰি দিব পৰা নাই । বছৰি দুই কোটি চাকৰি দিম বুলি কোৱা বিজেপি চৰকাৰে দুই লাখ চাকৰিও দিব পৰা নাই বুলি অভিযোগ কৰে কংগ্ৰেছে । বিজেপিয়ে কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়ক নুৰুল হুদাই ।

লগতে পঢ়ক :TMPK Golden Jubilee Celebration: টি এম পি কেৰ সোণালী জয়ন্তী উৎসৱ আৰু যুৱ মহোৎসৱৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.