ETV Bharat / state

Rockybul Hussain on Assam CM; ছাঁ টোকে বাঘ দেখিছে মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন

author img

By

Published : Apr 3, 2023, 5:15 PM IST

একালৰ বন্ধু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ ৰকিবুল হুছেইনৰ (Rockybul Hussain on Assam CM) । মুখ্যমন্ত্ৰীয়ে ছাঁটোকে বাঘ দেখা বুলি কটাক্ষ কৰে কংগ্ৰেছ নেতা হুছেইনে ।

Rockybul Hussain on Assam CM
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ ৰকিবুল হুছেইনৰ

নগাঁও, 3 এপ্ৰিল : দেওবাৰে গুৱাহাটীত অনুষ্ঠিত যোৱা আম আদমী পাৰ্টীৰ সভাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অংশগ্ৰহণ আৰু ভাষণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । অৰবিন্দ কেজৰিৱালে অসমৰ ৰাইজক অতিথি পৰায়ণ বুলি কৰা মন্তব্যকহে সমৰ্থন কৰা বুলি উল্লেখ কৰি আন মন্তব্য সন্দৰ্ভত সমৰ্থন কৰা নকৰা পিচৰ কথা বুলি উল্লেখ কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।

অসমৰ মুখ্যমন্ত্ৰীগৰাকী এতিয়া ভয়ত ত্ৰস্তমান হৈ আছে বুলিও একালৰ বন্ধু তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে (Congress leader Rockybul Hussain comments on Assam CM Himanta Biswa Sarma) । তেওঁ মুখ্যমন্ত্ৰী ড৹ শৰ্মাক কটাক্ষ কৰি কয়, ‘‘মুখ্যমন্ত্ৰীয়ে এতিয়া ছাঁ টোকে বাঘ দেখে । মুখ্যমন্ত্ৰীগৰাকীৰ হেনো এতিয়া ভয় হৈছে ৷ কোনে, কেতিয়া তেওঁৰ বিৰুদ্ধে কি কথা কৈ দিয়ে ঠিক নাই’’ ।

লগতে পঢ়ক : TMC protest in Guwahati: গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি

ইপিনে কংগ্ৰেছৰ গুপ্তচৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ বিপৰীতে সাংবাদিককহে নীতিশিক্ষা দিলে ৰকিবুল হুছেইনে । সামাজিক মাধ্যমত ভাইৰেল হোৱা নন্দিতা দাসৰ এটা বিশেষ ভিডিঅ’ আৰু কংগ্ৰেছৰ গুপ্তচৰক লৈ ব্যাপক চর্চা আৰম্ভ হোৱা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত একপ্ৰকাৰ অস্বস্তিত পৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । সাংবাদিকৰ প্ৰশ্নৰ পোনপটীয়াকৈ উত্তৰ দিয়াৰ পৰা বিৰত থাকি কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে সাংবাদিকক নগাঁৱত দিলে নীতিশিক্ষা ।

ৰকিবুল হুছেইনৰ মতে, সাংবাদিকে তেওঁক সুধিব লাগিছিল টোল টেক্সৰ কৰ (Toll tax increase) আৰু জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ কথা । কিন্তু মূল্যবৃদ্ধিৰ প্ৰশ্ন নকৰি কংগ্ৰেছৰ গুপ্তচৰৰ প্ৰসংগত প্ৰশ্ন কৰাত সাংবাদিকক নীতিশিক্ষা দিলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে ।

লগতে পঢ়ক : Toll tax increase : টোল গেটৰ কৰ বৃদ্ধি; ৰহাত অসন্তুষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.