চামগুৰি,24 নৱেম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকৰ ছাঁ পৰিছে নগাঁৱৰ চামগুৰি আৰু পুৰণিগুদামবাসীৰ মাজত ৷ প্ৰিয় ৰাজনৈতিক নেতাগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে পুৰণিগুদামৰ সূতাৰগাঁও পঞ্চায়তত কংগ্ৰেছী কৰ্মী-সমৰ্থকে আয়োজন কৰে বন্তি প্ৰজ্বলনৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ বৰ্ষীয়ান নেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি ঘোষা পাঠৰ লগতে মৌন প্ৰাৰ্থনা কৰে স্থানীয় লোকসকলে ৷
মাজনিশালৈকে অনুষ্ঠিত হোৱা শোকসভাত অঞ্চলটোৰ শতাধিক স্থানীয় ৰাইজে গগৈৰ স্মৃতি ৰোমন্থন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে পুৰণিগুদাম প্ৰেছ ক্লাব, চামগুৰি প্ৰেছ ক্লাব, চামগুৰি ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েছন(চেমা) ৰ লগতে সংযুক্ত সাংবাদিক সন্থা (উকাচ) ৰ চামগুৰি শাখায়ে ৷ আটাইকেইটা সংগঠনে সামাজিক মাধ্যমৰ জৰিয়তে গগৈৰ পৰিয়ালবৰ্গলৈ শোকবাৰ্তা প্ৰেৰণ কৰে ৷
লগতে চাওকঃ ৰঙাপৰাত নিশা উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলিচালনা