কলিয়াবৰ, 20 ছেপ্তেম্বৰ: প্ৰাকৃতিক শোভাৰে পৰিপুষ্ট কলিয়াবৰৰ ঐতিহাসিক সমল পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে ৰূপে গঢ় দিয়াৰ সুদুৰ প্ৰসাৰী আঁচনি গ্ৰহণ কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷ শনিবাৰে কলিয়াবৰ মহকুমা প্ৰশাসনৰ কাৰ্যালয়ৰ সভাগৃহত এখন সভা অনুষ্ঠিত হয় ৷ কলিয়াবৰ মহকুমাৰ এটা বৃহৎ অংশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত যদিও, এই ক্ষেত্ৰত কলিয়াবৰৰ আন প্ৰাকৃতিক, ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্ভাৰ সমূহ পৰি ৰৈছে প্ৰচাৰ আৰু প্ৰসাৰহীন ভাৱে ৷ এই ক্ষেত্ৰত কলিয়াবৰত এক সচেতনতাৰ সৃষ্টিৰ লগতে ৰাজ্য তথা দেশ-বিদেশৰ পৰ্যটকৰ মাজত এনে সমল সমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে মহকুমা প্ৰশাসনে কৰা পৰিকল্পনাই গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে ৷
এই সম্ভাৱনা বাস্তৱত ৰূপায়িত কৰিবলৈ লোৱা পদক্ষেপত সংযোজিত হ'ল 'আলহী ঘৰ' বা 'হোম ষ্টে' ৷ কলিয়াবৰৰ হাটবৰত সাহিত্যিক প্ৰয়াত মহিম বৰাৰ জন্মস্থলী আৰু সদ্য প্ৰয়াত ভাতৃ সাহিত্যিক কুসুম বৰাৰ বাসগৃহত 'কুসুম-লতা' নামেৰে পৰ্যটক গৃহ মকুলি কৰে টুৰ অপাৰেটৰ এচছিয়েশ্যনৰ উপ-সভাপতি চন্দন নাথে ৷ চন্দন নাথে কুঠৰী অঞ্চলতো অনুষ্ঠিত এখন পৰ্যটনৰ সজাগতা সভাত অংশ লয় ৷ দিনজোৰা কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তইও অংশগ্ৰহণ কৰি কুঠৰীৰ কাষৰীয়া ভালুকজুৰি জলপ্ৰপাত পৰিদৰ্শন কৰি, বাট-পথ উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে ৷ পৰিদৰ্শন কালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰ, মহকুমাধিপতি বিতোপন নেওগ, টুৰ অপাৰেটৰ এচছিয়েশ্যনৰ উপ-সভাপতি চন্দন নাথেও মন্ত্ৰী গৰাকীক সংগ দিয়ে । কুঠৰীৰ সভাত স্থানীয় বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই অংশ লৈ কলিয়াবৰৰ পৰ্যটনৰ উন্নয়ত গুৰুত্ব প্ৰদান কৰাৰ কথা জনায় ৷
লগতে পঢ়ক: বিপদত ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগঃ সবিশেষ জনালে প্ৰযোজক মুনীন্দ্ৰ বৰ্মণে