ETV Bharat / state

কুখ্যাত তাজনুৰক জেৰা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ - IPS ANAND MISHRA

কুখ্যাত অপৰাধী তাজনুৰ ওৰফে ৰাজাক জেৰা কৰিবলৈ নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক ও তদাৰকী শাখাৰ দল ৷ কিছুদিন পূৰ্বে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তাজনুৰ ওৰফে ৰাজাৰ বিৰুদ্ধে থকা গোচৰৰ তদন্তৰ বাবে উপস্থিত হয় দুৰ্নীতি নিবাৰক শাখাৰ দলটো ।

cm-vigilence-in-nagaon-to-interrogation-criminal-raja
ৰাজাক জেৰা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলৰ
author img

By

Published : Jun 10, 2021, 7:16 PM IST

নগাঁও,10 জুন : নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুখ্যাত অপৰাধী ৰাজাক জেৰা কৰিবলৈ নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক ও তদাৰকী শাখাৰ দল(CM VIGILANCE TEAM) ৷ ডকাইতি, ড্ৰাগছ ব্যৱসায়ী আদি কেবাটাও অপৰাধমূলক কামত জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুখ্যাত অপৰাধী তাজনুৰ ওৰফে ৰাজাক জেৰা কৰিবলৈ বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হয় দলটো ৷

ৰাজাক জেৰা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলৰ

নগাঁও সদৰ থানাত উপস্থিত হৈ ৰাজাক জেৰা কৰে দলটোৱে । কিছুদিন পূৰ্বে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তাজনুৰ ওৰফে ৰাজাৰ বিৰুদ্ধে থকা এটা গোচৰৰ তদন্তৰ ভিত্তিত উপস্থিত হয় দলটো । জুৰীয়াৰ এটা গোচৰত দুৰ্নীতি নিবাৰক শাখাই ৰাজাক জেৰা কৰে বুলি জানিব পৰা গৈছে ।

কিছুদিন আগলৈকে মৰিগাঁও আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই তাজনুৰক ৰাজ আতিথ্য দিয়াৰ অভিযোগ উঠিছিল যদিও এই সম্পৰ্কত মন্তব্য প্ৰকাশৰ কৰাৰ পৰা বিৰত থাকে দুৰ্নীতি নিবাৰক শাখাৰ দলটো । উল্লেখ্য যে, কুখ্যাত অপৰাধী ৰাজাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছে ।

লগতে পঢ়ক : ৰাজ্যত পুনৰ আক্ৰমণৰ বলি চিকিৎসক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.