ধিং, 14 এপ্ৰিল : গৰু বিহুৰ দিনটোতে লাহৰীঘাটত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা।লাহৰীঘাটৰ ভূৰাগাঁৱত বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে । নিৰ্বাচনী সভাখনত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত,পীযুষ হাজৰিকা ৷
বিগত ষাঠি বছৰে কংগ্ৰেছ চৰকাৰে দুখীয়াৰ আত্ম বেদনা বুজি নাপালে বুলি উল্লেখ কৰি কংগ্ৰেছ মানেই দু্ৰ্নীতি আৰু ভ্ৰষ্টাচাৰ বুলি কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে ৷ আনহাতে বিজেপি চৰকাৰে বিগত পাঁচ বছৰে দুখীয়াৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশবাসীক শান্তি সম্প্ৰীতি আৰু নিৰাপত্তা প্ৰদান কৰিছে।লগতে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু অধ্যুষিত লাহৰীঘাট সমষ্টিৰ পৰা কমেও ডেৰ লাখ ভোট ৰূপক শৰ্মাক প্ৰদান কৰিবলৈ আহ্বান জনায়। প্ৰচাৰ সভাত মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বাহিৰৰ প্ৰাৰ্থী বুলি কটাক্ষ কৰে। ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰায় ডেৰ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।