ৰূপহীহাট,19আগষ্টঃ প্ৰেমজনিত কাৰণত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড ৷ এইবাৰ ৰূপহীহাটৰ জুৰীয়াত প্ৰেমক কেন্দ্ৰ কৰি প্ৰেমিকৰ পৰিয়ালে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে প্ৰেমিকাসহ প্ৰেমিকাৰ পিতৃ-মাতৃক ৷ জানিব পৰা মতে, জুৰীয়াৰ তেলিয়া বেবেজীয়া গাঁৱৰ ওচমান আলীৰ কন্যাৰ সৈতে চহিদুল্লাৰ পুত্ৰৰ আছিল দীৰ্ঘদিনীয়া প্ৰেম ৷ ইয়াকে লৈ দুয়োটা পৰিয়ালৰ মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘাতৰ ৷ ইয়াকে লৈ পূৰ্বতে ৰাইজেমেলো অনুষ্ঠিত হৈছিল ৷ কিন্তু মীমাংসা হোৱা নাছিল সংঘাতৰ ৷
যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে নিশা দুয়োটা পক্ষৰ মাজত সৃষ্টি হয় কথাৰ কটাকটি ৷ পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰে যে, চহিদুল্লাৰ পৰিয়ালে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ওচমান আলীৰ পৰিয়ালক ৷ অতি নৃশংসভাৱে কৰা আক্ৰমণত ওচমান আলীৰ পিঠিৰ এটা অংশ দাৰ ঘাপত ছিঙি যোৱাৰ লগতে এখন হাতো বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ৷ গুৰুতৰ ভাবে আহত ওচমান আলীক ততাতৈয়াকে নগাঁৱলৈ অনা হয় যদিও অৱস্থা অধিক সংকটজনক হোৱাত জি এম চি এইচলৈ প্ৰেৰণ কৰা হয় ৷
ইপিনে, প্ৰেমিকৰ পৰিয়ালৰ আক্ৰমণত প্ৰেমিকাৰ মাতৃৰ লগতে প্ৰেমিকাও আহত হয় ৷ ঘটনা সন্দৰ্ভত ওচমান আলীৰ পৰিয়ালে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে কোনো অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই।
লগতে পঢ়কঃসুশান্তৰ মৃত্যু গোচৰ : চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ