ETV Bharat / state

কলিয়াবৰত শিশু নাট কৰ্মশালা 'নাটকৰে ধেমালি'

author img

By

Published : Jul 21, 2019, 9:05 AM IST

আজি নিশা ২৯ টা শিশুৰ 'আখৰাৰ শেষত' নাট মঞ্চস্থৰে সামৰণি পৰিব এই পষেকীয়া শিশু নাট কৰ্মশালা ।

শিশু নাট কৰ্মশালা 'নাটকৰে ধেমালি'

কলিয়াবৰ, ২১ জুলাইঃ কলিয়াবৰত অনুষ্ঠিত হোৱা শিশু পষেকীয়া নাট কৰ্মশালা 'নাটকৰে ধেমালি'ৰ দেওবাৰে সামৰণি পৰিব । আজি নিশা ২৯ টা শিশুৰ 'আখৰাৰ শেষত' নাট মঞ্চস্থৰে সামৰণি পৰিব এই পষেকীয়া শিশু নাট কৰ্মশালাৰ । ৫ জুলাইৰ পৰা হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ আৰু সংস্কৃতিৰ যুটীয়া উদ্যোগত পষেকীয়া শিশু নাট কৰ্মশালাখন অনুষ্ঠিত কৰা হৈছিল ।

শিশু নাট কৰ্মশালা 'নাটকৰে ধেমালি'

জ্যেষ্ঠসকলৰ হাতত ধৰি শিশু নাট কৰ্মশালাৰ শিকাৰুসকল নাটকৰ আখৰাত ব্যস্ত হৈ পৰিছে । শিশুসকলে নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই শিশুসকলৰ বাবে ৰচনা কৰা নাট "আখৰৰ শেষত" নাটখন অভিনয় কৰিব । নাটখন কলিয়াবৰৰ প্ৰতিভাৱান নাট্যকৰ্মী সঞ্জীৱ শইকীয়া(গগন) আৰু ঝুনাকঙ্কন ভূঞাই পৰিচালনা কৰিছে । উদীয়মান সাংস্কৃতিক তথা নাট্যকৰ্মী প্ৰাঞ্জল মহন্ত, সঞ্জীৱ শইকীয়া, ঝুনাকঙ্কন ভূঞা, কৌশিক গোস্বামী, উপাসনা মহন্ত, বিষ্ণুপ্ৰসাদ বৰা, জিতু বৰাৰ দ্বাৰা প্ৰশিক্ষিত ব্যক্তিত্ব বিকাশৰ এক পথৰ সন্ধানত যোৱা পষেকটোৰ সাৰ্থকতা আৰু শ্ৰম দেওবাৰে শ্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা মঞ্চস্থ হ'বলগীয়া নাটখনত অনুভূত হ'ব । এই প্ৰয়াসত মুৰুলী বৰা, জয়ন্ত কুমাৰ শৰ্মা, ভৱেন বৰুৱা, জিতু আহমেদ ভূপেন্দ্ৰ নাথ হাজৰিকা, সমুদ্ৰ বৰদলৈ, পৰেশ নাথ ভূঞা ৰূপজ্যোতি গোস্বামীকে ধৰি বহুকেইজন সাংস্কতিক কৰ্মীৰ শ্ৰমো অনস্বীকাৰ্য‍ ।

Intro:কলিয়াবৰত শিশু নাট কৰ্মশালা "নাটকৰে ধেমালি"

"আখৰাৰ শেষত" নাট মঞ্চস্থৰে সামৰণি পৰিব পষেকীয়া শিশু নাট কৰ্মশালাBody:"আখৰাৰ শেষত" নাটেৰে পষেকীয়া শিশু নাট কৰ্মশালাৰ অন্তত দেওবাৰে নিশা ২৯টি শিশুৱে নিজৰ প্ৰতিভাৰ প্ৰমাণ দিবলৈ সাজু হৈছে। জ‍্যেষ্ঠসকলৰ হাতত ধৰি শিশু নাট কৰ্মশালাৰ শিকাৰুসকল ব‍্যস্ত হৈ পৰিছে নাটকৰ আখৰাত। কিয়নো দেওবাৰে সন্ধিয়া সাত বজাৰ পৰা হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ ভৱনত আৰম্ভ হ'ব নাট। শিশু শিক্ষাৰ্থীসকলে অভিনয় কৰিব নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই শিশুসকল বাবে ৰচনা কৰা নাট "আখৰৰ শেষত"। নাটখনিৰ পৰিচালনা কলিয়াবৰৰ প্ৰতিভাৱান নাট‍্যকৰ্মী সঞ্জীৱ শইকীয়া (গগন) আৰু ঝুনাকঙ্কন ভূঞা।

যোৱা ৫ জুলাইৰ পৰা হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ আৰু সংস্কৃতিৰ যুটীয়া উদ‍্যোগত পষেকীয়া " নাটকৰে ধেমালি" শীৰ্ষক শিশু নাট কৰ্মশালা কাইলৈ অন্ত পৰিব। কলিয়াবৰৰ স্থানীয় প্ৰতিভাৱান নাট‍্যকৰ্মীৰ সহযোগত এই কৰ্মশালাটিত ধেমালিৰ জৰিয়তে নাটকৰ অ-আ-ক-খৰ পৰিচয় কৰাই দিয়াৰ হাটবৰ কেন্দ্ৰীৎ নাট‍্য সমাজৰ প্ৰয়াস দীৰ্ঘদিনীয়া এই প্ৰয়াসৰ সহযোগী ৰূপে সংস্কৃতি, প্ৰজ্ঞাৰ সাধনা নামৰ অনুষ্ঠাটিয়েও যোৱা সময়ছোৱা হাত উজান দি আহিছে। উদীয়মান সাংস্কৃতিক তথা নাট‍্যকৰ্মী প্ৰাঞ্জল মহন্ত, সঞ্জীৱ শইকীয়া, ঝুনাকঙ্কন ভূঞা, কৌশিক গোস্বামী, উপাসনা মহন্ত, বিষ্ণুপ্ৰসাদ বৰা, জিতু বৰাৰ প্ৰশিক্ষত ব‍্যক্তিত্ব বিকাশৰ এক পথৰ সন্ধানত যোৱা পষেকটোৰ সাৰ্থকতা আৰু শ্ৰম দেওবাৰে শ্ৰশিক্ষাৰ্থীসখলৰ দ্বাৰা মঞ্চস্থ হ'বলগীয়া নাটখনত অনুভূত হ'ব। এই প্ৰয়াসত মুৰুলী বৰা, জয়ন্ত কুমাৰ শৰ্মা, ভৱেন বৰুৱা, জিতু আহমেদ ভূপেন্দ্ৰ নাথ হাজৰিকা, সমুদ্ৰ বৰদলৈ, পৰেশ নাথ ভূঞা ৰূপজ‍্যোতি গোস্বামীকে ধৰি বহুকেইজন সাংস্কতিক কৰ্মীৰ শ্ৰমো অনস্বীকাৰ্য‍্য। "শিশু বন্ধু" খ‍্যাত পুৰণিগুদামৰ বিশিষ্ট সাংস্কৃতিক আৰু সাহিত‍্য কৰ্মী দুলাল বৰাৰ উপস্থিতিয়েও শিশুসকলক যথেষ্ট উপকৃত কৰে।
হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ আৰু সংস্কৃতিৰ যুটীয়া উদ‍্যোগত পষেকীয়া " নাটকৰে ধেমালি" শীৰ্ষক এক কৰ্মশালা আৰম্ভ হৈছে। গৰমৰ বন্ধৰ সময়ছোৱাত শিশুসকলৰ বৌদ্ধিক, শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ মানসেৰে গত বৰ্ষ সমূহৰ দৰেই এইবাৰো নাট কৰ্মশালাৰ আয়োজন। কলিয়াবৰৰ কেইবাগৰাকী বিশিষ্ট নাট‍্যকৰ্মীৰ উপস্থিতিত বন্তি প্ৰজ্জ্বলনৰে শিশু নাট কৰ্মশালাৰ আনুষ্ঠানিকভাবে মুকলি কৰে নাট‍্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাই। সভাত বিশিষ্ট অভিনেতা-পৰিচালক সমুদ্ৰ বৰদলৈ, লিখক-নাট‍্যকাৰ বিৰাজ ভূষণ বৰাকে ধৰি ন-পুৰণি নাট‍্যকৰ্মী উপস্থিত থাকে। অহা ২১ জুলাই তাৰিখে শিশুসকলৰ নাট "আখৰাৰ শেষত" প্ৰদৰ্শনেৰে নাটকৰে ধেমালিৰ অন্ত পৰিব।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.