ETV Bharat / state

জিতু গোস্বামীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে

author img

By

Published : Mar 27, 2021, 7:23 PM IST

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ কঠিয়াতলীৰ এক নিৰ্বাচনী জনসভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত কয়, বঢ়মপুৰত ৰাইজে এজন দক্ষ আৰু যোগ্য প্ৰতিনিধি নিৰ্বাচিত কৰিব লাগিব । জিতু গোস্বামী এগৰাকী দক্ষ, যোগ্য ব্যক্তি । জিতু গোস্বামীয়ে সামাজিক নিৰাপত্তা দিব বুলি মন্তব্য প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে ৷

জিতু গোস্বামীৰ হৈ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

বঢ়মপুৰ,27 মাৰ্চ: ৮৭ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ কঠিয়াতলীৰ এক নিৰ্বাচনী জনসভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, বঢ়মপুৰত ৰাইজে এজন দক্ষ আৰু যোগ্য প্ৰতিনিধি নিৰ্বাচিত কৰিব লাগিব । জিতু গোস্বামী এগৰাকী দক্ষ, যোগ্য ব্যক্তি । জিতু গোস্বামীয়ে সামাজিক নিৰাপত্তা দিব বুলি মন্তব্য প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে ৷

"ৰাইজৰ আস্থা আৰু বিশ্বাসক লৈ বিজেপিয়ে কাম কৰিছে । কংগ্ৰেছৰ দিনত প্ৰতিটো কামৰ বাবে মাননি দিব লগা হৈছিল । এতিয়া স্বচ্ছ নিকা পদ্ধতিৰে হিতাধিকাৰীক আঁচনি দিয়া হৈছে । অসমৰ মানুহ বিজেপিৰ বাবে এতিয়া সুৰক্ষিত । মহিলা শক্তি মহাশক্তি- সভাত এইদৰে মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইফালে বিজেপিয়ে চাহ মজদুৰক শ্ৰদ্ধা কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, প্ৰিয়ংকা গান্ধীয়ে কেৱল চাহপাতৰ দুটা পাত ছিঙি সামাজিক মাধ্যমত ফটো আপলোড দিলে । ৮ ঘণ্টা কাম কৰক তেতিয়াহে বুজিব । কংগ্ৰেছ-এআইইউডিএফ জনতাৰ শত্ৰু । দুয়োটা দলে বাংলাদেশী আনি চৰকাৰ কৰিব বিচাৰিছে বুলি কয় মুখ্যমন্ত্ৰী সোণোৱালে ।

সমান্তৰালভাৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পৰ্কত সাংবাদিকৰ আগত কয়, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যথেষ্ঠ ভাল হৈছে আৰু আমি ভাল ফলাফল লাভ কৰিম । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত জিতু গোস্বামীৰ জয় নিশ্চিত বুলি উল্লেখ কৰি অসমত বিজেপিৰে চৰকাৰ হ’ব বুলিও মন্তব্য কৰে সোণোৱালে ।

সভাখনত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাই, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ সুভাষ দত্ত, গিৰীন্দ্ৰ কুমাৰ বৰুৱা, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ সদস্য মদন বৰদলৈ আদি ৷

লগতে পঢ়ক: ডিগবৈত ভোটাধিকাৰ সাব্যস্ত কৰিলে সুৰেণ ফুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.