নগাঁও, 14 ছেপ্তেম্বৰঃ চামগুৰিত এআইইউডিএফৰ সভাত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ চামগুৰি সমষ্টিৰ লৰিৰমুখ মাৰ্কাজ একাডেমীত অনুষ্ঠিত হোৱা এক দলীয় সভাত এআইইউডিএফৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলাম আৰু মহিলা মৰ্চাৰ সভানেত্ৰী বিনা দৈমাৰীৰ সন্মুখতে দুয়ো ফৈদৰ সদস্যৰ মাজত প্ৰচণ্ড বাক বিতণ্ডাৰ সৃষ্টি হয় আৰু এই বাক-বিতণ্ডাই পৰৱৰ্তী সময়ত সংঘাতলৈ পৰিণত হয় ৷
এই মাৰপিটত দুই দলীয় কৰ্মী মজিবুৰ ৰহমান আৰু মহিবুৰ ৰহমান আঘাতপ্ৰাপ্ত হয় ৷ আহত দুয়োগৰাকীকে ততাতৈয়াকৈ কাৱৈমাৰী এফআৰইউত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ৈ প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে বিৰোধী ফৈদৰ কেইবাজনো কৰ্মীৰ বিৰুদ্ধে কাৱৈমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ৷
![Chamaguri AIUDF meeting crisis](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8801703_1.jpg)
লগতে পঢ়ক-কোকৰাঝাৰত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ "গাঁৱলৈ বলক" শীৰ্ষক কাৰ্যসূচী