ETV Bharat / state

ধ্বংসৰ গৰাহত কেন্দ্ৰীয় হাঁহ প্ৰজনন আৰু গৱেষণা কেন্দ্ৰ - হাঁহ পালন কৰি আৰ্থিকভাবে স্বাৱলম্বী

বৈজ্ঞানিক পদ্ধতিৰে হাঁহ পালন কৰি আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ‍্যৰে ১৯৭৯ চনতে স্থাপন কৰা হৈছিল কলিয়াবৰৰ কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰটো ৷ প্ৰচুৰ সম্ভাৱনাৰ পিছতো কেৱল বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে পৰিত্যক্ত প্ৰায় ৰূপ লৈছে কেন্দ্ৰটোৱে ৷

ধ্বংসৰ গৰাহত কলিয়াবৰৰ ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন আৰু গৱেষণা কেন্দ্ৰ

author img

By

Published : Jul 14, 2021, 12:49 PM IST

কলিয়াবৰ, 14 জুলাই : কলিয়াবৰৰ হাতীগাঁৱস্থিত ৬৫ বিঘা মাটি জুৰি থকা পাম তথা গৱেষণা কেন্দ্ৰটোৰ অধিকাংশ এতিয়া ভৰি পৰিছে হাবি-জংঘলেৰে ৷ প্ৰচুৰ সম্ভাৱনাৰ পিছতো কেৱল বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই পৰিত্যক্ত প্ৰায় ৰূপ লৈছে কলিয়াবৰৰ হাতীগাঁৱত অৱস্থিত ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰটো (Animal Husbandry and Veterinary Department)। কৰ্মচাৰীৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম উৎপাদনমুখী পামখন । প্ৰয়োজনীয় ২৭ জন কৰ্মচাৰীৰ বিপৰীতে মাত্ৰ ৬-৭ জন কৰ্মচাৰীৰে পামখন পৰিচালনা কৰিবলগা হোৱাত ক্ৰমাৎ উৱলি যোৱাৰ উপক্ৰম হৈছে উৎপাদনমুখী এই পামখনৰ বহু সম্পত্তি ।

ধ্বংসৰ গৰাহত কলিয়াবৰৰ ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন আৰু গৱেষণা কেন্দ্ৰ
ধ্বংসৰ গৰাহত কেন্দ্ৰীয় হাঁহ প্ৰজনন আৰু গৱেষণা কেন্দ্ৰ

নামমাত্ৰ হাঁহ-কুকুৰা উৎপাদনৰে চলিছে এসময়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম শ্ৰেণীত থকা হাঁহ-কুকুৰা প্ৰজনন আৰু উৎপাদন কেন্দ্ৰটো (Animal Husbandry and Veterinary Department)। বিশাল চৌহদৰ অধিকাংশই ভৰিছে হাবি-জংঘলৰে । পামখনত উৎপাদিত হাঁহ-কুকুৰাৰ যথেষ্ট চাহিদা আছে ৰাজ্যখনত ৷ যদিও কেৱল বিভাগীয় অমনোযোগিতাৰ বাবেই এতিয়া ধ্বংসৰ গৰাহত পাম তথা গৱেষণা কেন্দ্ৰটো ।

হাঁহ-কুকুৰাৰ কণী আৰু পোৱালি উৎপাদনৰ পাম তথা গৱেষণা কেন্দ্ৰটো নামতহে গৱেষণা কেন্দ্ৰ ৷ কেন্দ্ৰটোত পিছে নাই এজনো গৱেষক তথা সহকাৰী গৱেষক, নাই স্থায়ী পৰিচালক । প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱত বৰ্তমান কৰ্মৰত পৰিচালকৰ পৰা কৰ্মচাৰীলৈকে প্ৰতিজনে চোৱাচিতা কৰিবলগা হয় হাঁহ-কুকুৰা উৎপাদনৰ সমগ্ৰ ব্যৱস্থা ।

সঁজুলিৰ অভাৱৰ ফলতো হাঁহ-কুকুৰাৰ উৎপাদন কৰিব পৰা হোৱা নাই কেন্দ্ৰটোত । যিটো সময়ত এই কেন্দ্ৰটোৰ পৰা এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হ'ব লাগিছিল সেই সময়ত এই ৰাজহৰ পৰিমাণ মুঠূই ৬০,০০০ টকা । তাৎপৰ্য‍্যপূৰ্ণভাৱে এই ৰাজহৰ পৰিমাণ কিছুদিনৰ আগলৈকে মাত্ৰ ৬-৭ হাজাৰ টকাহে আছিল বুলি বৰ্তমানৰ ভাৰপ্ৰাপ্ত পৰিচালকজনে জানিবলৈ দিয়ে । পাম আৰু গৱেষণা কেন্দ্ৰটো সৱলীকৰণৰ নামত ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত নিৰ্মিত চাৰিটাকৈ অত্যাধুনিক হাঁহ পালন গৃহ মুকলি কৰা হৈছিল যদিও আজিলৈকে এটাও হাঁহ নোসোমাল সেই গৃহসমূহত ।

২০১৫ চনৰ ১ জুনতে তদানীন্তন কৃষিমন্ত্ৰী ৰকিবুল হুছেইন (Assam Agriculture Minister Rockybul Hussain) আৰু পশুপালন মন্ত্ৰী খৰছিং ইংতিয়ে উদ্বোধন কৰিছিল কেন্দ্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত প্ৰায় চাৰি কোটি টকাৰ ব্যয়ৰে নিৰ্মিত হাঁহ পালনৰ অত্যাধুনিক গৃহসমূহ । পিছে ৬ বছৰৰ পিছতো হাঁহ পালনৰ ব্যৱস্থা হৈ নুঠিল এই গৃহসমূহত । বৰ্তমান হাবি-জংঘলৰে ঢাক খাই ফেটীসাপ, অজগৰ আদিৰ উৎপাদন কেন্দ্ৰতহে পৰিণত হৈছে এই গৃহসমূহ ।

উল্লেখ্য যে, বছৰ বছৰ ধৰি খালী হৈ থকা প্ৰয়োজনীয় কৰ্মচাৰীৰ পদসমূহ পূৰণ কৰিবৰ বাবে পাম কৰ্তৃপক্ষই চৰকাৰক বহু আবেদন জনাই আহিছে যদিও আজিলৈকে চৰকাৰে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে । হাঁহ-কুকুৰা পালনৰ জৰিয়তে বহু নিবনুৱাক সংস্থাপিত কৰিব পৰাৰ থল থকাৰ পিছতো কৰ্মচাৰীৰ অভাৱতে এই চৰকাৰী পামখনে পূৰণ কৰিব পৰা নাই কণী আৰু পোৱালিৰ চাহিদা ।

এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম এই পামখনৰ দুৰৱস্থা দেখি আগবাঢ়ি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি । পামখন ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ কৰা আৰু কাৰ্যালয়ত খালী হৈ থকা পদ সমূহ পুৰণৰ বাবে মহকুমাধিপতি পবিত্র কুমাৰ দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma), পশুপালন মন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে প্ৰেৰণ কৰে স্মাৰক পত্ৰ । এতিয়া প্ৰশ্ন হ'ল, এনেদৰে মৃত‍্যুৰ মুখলৈ গতি কৰা কলিয়াবৰৰ এসময়ৰ উৎপাদনমুখী পাম আৰু গৱেষণা কেন্দ্ৰটোৰ দুৰৱস্থা দূৰীকৰণত ৰাজ‍্যৰ কৃষি আৰু পশুপালন মন্ত্ৰীৰ সু-দৃষ্টি পৰিবনে ?

লগতে পঢ়ক : কেঁচা চাহপাতৰ মূল্য হ্ৰাস: বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.