ETV Bharat / state

অমানৱীয় লংকাকাণ্ড: চিকিৎসক প্ৰহাৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ আত্মীয়ই নিৰ্মম ভাৱে প্ৰহাৰ কৰে চিকিৎসক ডা৹ সেউজ সেনাপতিক ৷ চিকিৎসক গৰাকীৰ প্ৰহাৰৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত ৷ যাক লৈ সৃষ্টি হৈছে দেশজুৰি প্ৰতিক্ৰিয়াৰ ৷

চিকিৎসক, স্বাস্থ্যকৰ্মীৰ নোম স্পৰ্শ কৰিলেও দিয়া হ’ব উচিত প্ৰত্যুত্তৰ: স্বাস্থ্যমন্ত্ৰী
অমানৱীয় লংকাকাণ্ড: চিকিৎসক প্ৰহাৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া
author img

By

Published : Jun 2, 2021, 7:26 AM IST

Updated : Jun 2, 2021, 8:09 AM IST

নগাঁও,2 জুন: মঙলবাৰে হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত সংঘটিত হয় এক অঘটন ৷ ডা৹ সেউজ সেনাপতিক নিৰ্মমভাৱে প্ৰহাৰ কৰে ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত থকা ক’ভিড ৰোগী সকলে ৷ এই ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

লংকাকাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া

নিশাই আহত চিকিৎসক ডা৹ সেউজ সেনাপতিক নগাঁৱৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ আনকি অসম আৰক্ষী আৰু এডিজিপি জি পি সিঙক এইক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে । ইফালে নিশাই আহত চিকিৎসকৰ স্বাস্থ্য বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ স্বাস্থ্যমন্ত্ৰী গৰাকীৰ হুংকাৰ; চিকিৎসক, স্বাস্থ্য কৰ্মীৰ গা' ৰ নোম স্পৰ্শ কৰিলেও দিয়া হ’ব উচিত প্ৰত্যুত্তৰ । এই আক্ৰমণত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ ।

এগৰাকী কৰ্তব্যৰত চিকিৎসকৰ ওপৰত দানৱৰূপী মানৱৰ বৰ্বৰ আক্ৰমণৰ দৃশ্যই সকলোকে শংকিত কৰি তুলিছে ৷ উল্লেখ্য যে, এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই লংকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰত সংঘটিত হয় এই লংকাকাণ্ড ।

জানিব পৰা মতে, গিয়াছ উদ্দিন নামৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ক’ভিড কেয়াৰ কেন্দ্ৰটোত উপস্থিত হৈ চিকিৎসকৰ ওপৰত জঁপিয়াই পৰে মৃত গিয়াছ উদ্দিনৰ আত্মীয় । যিয়ে যেনেকৈ পাইছে কেৱল প্ৰহাৰ কৰিছে কৰ্তব্যৰত চিকিৎসকজনক । চিকিৎসকজনক প্ৰহাৰ কৰাই নহয়, ভাঙি লণ্ডভণ্ড কৰে ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ সকলো আচবাব ।

চিকিৎসক, স্বাস্থ্যকৰ্মীৰ নোম স্পৰ্শ কৰিলেও দিয়া হ’ব উচিত প্ৰত্যুত্তৰ: স্বাস্থ্যমন্ত্ৰী

চিকিৎসকজনক প্ৰহাৰ কৰা দৃশ্য ভাইৰেল হৈছে এতিয়া সামাজিক মাধ্যমত ৷ যাক লৈ এতিয়া গৰজি উঠিছে বিভিন্ন দল সংগঠনৰ লগতে চিকিৎসাক তথা স্বাস্থ্যকৰ্মী সকল ৷ এই জঘন্য ঘটনাৰ সৈতে জড়িত আটাইকেইজন দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ লগতে চিকিৎসক, স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে সকলোৱে ।

মৃত ক’ভিড ৰোগীৰ আত্মীয়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা কৰ্তব্যৰত চিকিৎসক ডা৹ সেউজ সেনাপতিও প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া । ক’ভিড-১৯ ৰ এই ভয়াৱহ সময়ত সৰ্বস্ব ত্যাগ কৰি ক’ভিড আক্ৰান্তৰ সেৱাত নিয়োজিত হৈ একাংশ লোকৰ আক্ৰমণত আহত চিকিৎসক সেউজ সেনাপতিক প্ৰথমে ভৰ্তি কৰা হয় নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত । লংকাৰ উদালি ক’ভিড কেয়াৰ কেন্দ্ৰত সংঘটিত হোৱা এই অমানৱীয় ঘটনাৰ বিৱৰণ দাঙি ধৰিছে ভুক্তভোগী চিকিৎসকগৰাকীয়েও ।

চিকিৎসকক আক্ৰমণৰ এই ঘটনাত জড়িত চাৰিজনকৈ লোকক ইতিমধ্যে আটক কৰিছে হোজাই আৰক্ষীয়ে । জয়নাল উদ্দিন, কমৰদ্দিন, তৈয়বুৰ ৰহমান আৰু ৰহিম উদ্দিন নামৰ চাৰিজনকৈ অভিযুক্তক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে । চিকিৎসক ডা৹ সেউজ সেনাপতিৰ ওপৰত হোৱা আক্ৰমণৰ পিছতেই উত্থাপন হৈছে বহু প্ৰশ্নৰ । নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত হ'ব কেতিয়া ?

লগতে পঢ়ক: ‘কাজিৰঙাক অকলে এৰি দিয়ক’: অসম চৰকাৰক সমালোচনা দিয়া মিৰ্জাৰ

Last Updated : Jun 2, 2021, 8:09 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.