ETV Bharat / state

Nagaon Tense Situation: ডিমৰুগুৰিত আৰক্ষীক শাৰীৰিকভাৱে অপদস্থৰ অভিযোগ; থানাত ৰুজু গোচৰ

author img

By

Published : Apr 12, 2023, 11:06 AM IST

নগাঁৱৰ ডিমৰুগুৰিত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত ৰুজু হৈছে গোচৰ। যান বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ এজাহাৰৰ ভিত্তিত সদৰ আৰক্ষী থানাত গোচৰ ৰুজু। যান বাহন আৰক্ষীৰ বাহনতো একাংশই কৰিছিল আক্ৰমণ (Public attack on police van in Nagaon)।

Public attack on police van in Nagaon
আৰক্ষীক অপদস্থৰ অভিযোগ
ডিমৰুগুৰিত আৰক্ষীক শাৰীৰিকভাৱে অপদস্থৰ অভিযোগ

নগাঁও, 12 এপ্ৰিল: সোমবাৰে নিশা‌ নগাঁৱৰ ডিমৰুগুৰিত এক ভয়ংকৰ পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ ৷ ডিমৰুগুৰিত সংঘটিত পথ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছিল 3 জনকৈ যুৱক ৷ এই দূৰ্ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী আৰু একাংশ ৰাইজৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ (Nagaon Tense Situation) ৷

দুর্ঘটনাৰ খবৰ লাভ কৰাৰ পিচতেই দুর্ঘটনাস্থলীত উপস্থিত হৈ যুৱক তিনিজনক উদ্ধাৰৰ চেষ্টা চলাওঁতেই একাংশ উত্তেজিত লোকে আক্ৰমণৰ চেষ্টা চলাইছিল যান-বাহন আৰক্ষীক ৷ আনকি যান-বাহন আৰক্ষীৰ বাহনতো আক্ৰমণ চলায় একাংশ উত্তেজিত লোকে (Public attack on police van in Nagaon) ৷ একাংশ উত্তেজিত লোকে নগাঁও আৰক্ষীৰ যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন ফুকনসহ যান-বাহন আৰক্ষীৰ দলটোক শাৰীৰিকভাৱে অপদস্থ কৰে ৷ ফলত তিনি-চাৰিজনকৈ আৰক্ষী আঘাতপ্ৰাপ্ত হয় (Tense situation in Dimoruguri Nagaon) ৷

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত পৰৱৰ্তী সময়ত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত নগাঁও আৰক্ষীৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবিন ফুকনে মঙলবাৰে দাখিল কৰিছে এজাহাৰ ৷ ৰবিন ফুকনৰ এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে আটক কৰা হোৱা নাই কোনো লোকক ৷

উল্লেখযোগ্য যে, ভয়ংকৰ পথ দুর্ঘটনাটোক কেন্দ্ৰ কৰি সোমবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ ডিমৰুগুৰিত | নিশা স্কুটী আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ থিতাতে নিহত হয় 3 জন যুৱক ৷ পথ দুর্ঘটনাত তিনি যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে নিশা নগাঁৱৰ ডিমৰুগুৰিত সৃষ্টি হৈছিল উত্তেজনাৰ ৷ দুৰ্ঘটনাত নিহত তিনিওগৰাকীৰে ঘৰ নগাঁৱৰ ডিমৰুগুৰিত ৷ দুৰ্ঘটনাটোত অঞ্চলটোৰ তিনিগৰাকীকৈ যুৱকৰ মৃত্যু হোৱাৰ পিচতেই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় ৰাইজে আৰু ইয়াতেই একাংশ উত্তেজিত লোকে আক্ৰমণৰ চেষ্টা চলাইছিল যান-বাহন আৰক্ষীক ৷

লগতে পঢ়ক: Ashok Singhal reacts on Encroachment: বিপদত পৰিব অবৈধ নিৰ্মাণকাৰ্যত অনুমতি দিয়া GMC ৰ বিষয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.