ETV Bharat / state

ৰাজ্য চৰকাৰলৈ সঁহাৰি : দহ বিঘা ভূমি দান কৰিব কলিয়াবৰৰ ব্যৱসায়ীয়ে

কৰ'ণা ভাইৰাছ সংক্ৰমণ হোৱা ৰোগীৰ চিকিৎসাৰ বাবে পাঁচখন চিকিৎসালয় নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে । তাৰ পিছতে চিকিৎসালয় নিৰ্মাণৰ বাবে নিজৰ দহ বিঘা মাটি স্বাস্থ‍্য বিভাগক দান কৰে কলিয়াবৰৰ ব্যৱসায়ী কৃষ্ণ মহন্তই ৷

author img

By

Published : Mar 29, 2020, 12:05 AM IST

businessman-krishna-mahanta-donate-land-for-making-a-hospital
ৰাজ্যত চিকিৎসালয় নিৰ্মাণৰ বাবে ভূমি দান কলিয়াবৰৰ ব্যৱসায়ী কৃষ্ণ মহন্তৰ

কলিয়াবৰ,28 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ হোৱা ৰোগীৰ চিকিৎসাৰ বাবে চৰকাৰে পাঁচখন চিকিৎসালয় নিৰ্মাণ কৰাৰ কথা সাংবাদিকৰ আগত ঘোষণা কৰিছিল ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লগতে গুৱাহাটী আৰু ডিব্ৰুগড়ত দুখন চিকিৎসালয়ৰ কথা ঘোষণা কৰি অৱশিষ্ট তিনিখন হাস্পতালৰ বাবে স্থান নিৰ্ণয় হোৱা নাই বুলিও ঘোষণা কৰিছিল।

ৰাজ্যত চিকিৎসালয় নিৰ্মাণৰ বাবে ভূমি দান

বৰ্তমান কৰ'ণা ভাইৰাছৰ ভয়াবহতাৰ সময়ত উদ্বিগ্ন হৈ ঘৰতে থাকিবলৈ বাধ্য হোৱা কলিয়াবৰৰ যুৱ ব‍ৱসায়ী কৃষ্ণ মহন্তই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা শুনাৰ পিছত পৰিয়ালৰ সকলোৰে লগত আলোচনা কৰি এক সিদ্ধান্তত উপনীত হয় । এই সন্দৰ্ভত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰে কৃষ্ণ মহন্তই ।

য'ত লিখা আছিল -"মহোদয়, সন্মান সহকাৰে আপোনাক জনাওঁ যে, সমগ্ৰ মানৱ জাতিৰ এই সংকটৰ সময়ত নিজৰ জীৱনলৈ কেৰেপ নকৰি দিনে-নিশাই জাতিটো বচাবলৈ যি পৰিশ্ৰম কৰিছে সেয়া ইতিহাসৰ পাতত লিখা থাকিব । এক কথাত ক'বলৈ গ'লে অসমৰ মানুহখিনিৰ বাবে আপুনি ভগৱান সদৃশ । আপোনাৰ এই সংগ্ৰামত কিঞ্চিত সহায় আগবঢ়োৱাৰ মানসেৰে স্বাস্থ্য বিভাগক COVID-19ৰ চিকিৎসাৰ বাবে যদি প্ৰয়োজন হয় মই কলিয়াবৰত মোৰ নামত থকা দহ বিঘা মাটি স্বাস্থ্য বিভাগক দান কৰিবলৈ আগ্ৰহী ‌। মহোদয়ে বিবেচনা অনুযায়ী প্ৰয়োজন অনুভৱ কৰিলে যিকোনো সময়তে বিভাগে মোৰ পৰা চমজি ল'ব পাৰিব ।"

লগতে পঢ়কঃঅক্ষয় কুমাৰৰ 25 কোটি ,বৰুণ ধাৱানৰ 30 লাখ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.