কলিয়াবৰ, 19 আগষ্টঃ নৱ-প্ৰজন্মৰ বৈষ্ণৱ সংস্কৃতিৰ প্ৰতি বিৰাগ । এনে এক অভিযোগ সততে উত্থাপিত হৈ আহিছে । কিন্তু ইয়াৰ বিপৰীতে মঙলবাৰে এক ব্যতিক্ৰমী অনুষ্ঠানৰ জৰিয়তে এই অভিযোগক কম পৰিমাণে হ'লেও খণ্ডনৰ প্ৰয়াস কৰে কলিয়বৰত । পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোতেই ছ-অৰা সত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ নামঘৰত সত্ৰৰ ডেকাসত্ৰীয়া, সাংস্কৃতিক কৰ্মী শ্বাৱন কুমাৰ মহন্তৰ ৰচিত 'সত্ৰ বৈভৱ' নামৰ গ্ৰন্থখনি উন্মোচন কৰে ৷ শ্ৰীশ্ৰীবাকৰিয়াল সত্ৰৰ ডেকাসত্ৰীয়া তথা শিক্ষক প্ৰভাত চন্দ্ৰ গোস্বামীয়ে উন্মোচন কৰে গ্ৰন্থখনি ।
উদীয়মান শিল্পী নীলপৱন বৰাই বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা গ্ৰন্থ উন্মোচন সভাখনি শ্ৰীশ্ৰীচামগুৰি সত্ৰৰ ডেকাসত্ৰীয়া কমল চন্দ্ৰ গোস্বামীয়ে সঞ্চালন কৰে। সমন্বিত যুৱতীৰ্থ কলিয়াবৰৰ উদ্যোগত, শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ ব্যৱস্থাপনাত শ্ৰীশ্ৰীবালিসত্ৰৰ ডেকাসত্ৰীয়া, সমাজকৰ্মী মণি মাধৱ মহন্তই প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰি শিক্ষাবিদ প্ৰভাত চন্দ্ৰ গোস্বামীয়ে কয় যে, আধ্যাত্মিক চিন্তাই সমাজত সুস্থ পৰিবেশ গঢ়ি তোলে । এগৰাকী নৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে শ্বাৱন কুমাৰ মহন্তই ব্ৰজাৱলী ভাষাত পদবন্ধে ৰচনা কৰা গ্ৰন্থখনৰ আধ্যাত্মিক চিন্তাই সকলোকে অনুপ্ৰাণিত কৰিব ।
প্ৰকাশক মণি মাধৱ মহন্তই কয় যে, শ্বাৱন কুমাৰ মহন্তৰ সাংস্কৃতিক কৰ্মৰাজীয়ে আধ্যাত্মিক আৰু ভক্তি সাহিত্যৰ বৰপেৰাটো টনকীয়াল কৰিব । আনহাতে, এই অনুষ্ঠানত সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷