ধিং,14 জানুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ধিঙতো বড়ো জনগোষ্ঠীয় লোক সকলে উদযাপন কৰিছে ভোগালী বিহু ৷ ধিঙৰ বটাবাৰী গাঁৱৰ লোকসকলে একত্ৰিত হৈ বুধবাৰে উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাই আনন্দ কৰা দেখা গ’ল ৷
উল্লেখযোগ্য যে, বটাবাৰী গাঁৱৰ মুঠ ১০৭ ঘৰ পৰিয়ালৰ প্ৰায় ৫০০ ত কৈ অধিক লোকে একত্ৰিত হৈ আনন্দ উল্লাহ কৰা দেখা গ’ল ৷ বড়ো জীয়ৰী-বোৱাৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধসকলেও পূৰ্বৰ পৰম্পৰা অটুট ৰাখি শাৰী পাতি বনাই গৈছে তিল পিঠা, তেল পিঠা, লাৰু, ভাপত দিয়া পিঠা । আনফালে পুৰুষ সকলেও ৰান্ধনি ঘৰৰ আৰ্হিত আটকধুনীয়াকৈ ভেলাঘৰ নিৰ্মাণ কৰি তাতেই গাহৰি আৰু হাঁহৰ মাংস ৰান্ধি সকলোৱে মিলি-জুলি খালে উৰুকাৰ এসাঁজ ।
লগতে পঢ়কঃ পাটাছাৰকুছিত আত্মপ্ৰকাশ ৰঞ্জিত কুমাৰ দাসৰ