ETV Bharat / state

Foreign Tourists at Kaliabor: কলিয়াবৰত বিদেশী পৰ্যটকৰ ঢোলৰ ছেওত কঁকাল ভাঙিলে বিহুৱতীয়ে - কলিয়াবৰত বিদেশী পৰ্যটকৰ ঢোলৰ চেৱঁত কঁকাল ভাঙিলে

ৰাজ্যত উপস্থিত স্কটলেণ্ড-ইংলেণ্ডৰ পৰ্যটকৰ দল ৷ চাহ বাগিচাৰ মাজত কলিয়াবৰৰ বিহু দলৰ সৈতে বিদেশী পৰ্যটকে নাচিলে আবতৰীয়া বিহু ৷ ঢোল বজালে বিদেশী পৰ্যটকে (Bihu Dance by Foreigners in kaliabor) ৷

Foreign Tourists at Kaliabor
কলিয়াবৰত স্কটলেণ্ড ইংলেণ্ডৰ পৰ্যটকৰ দল
author img

By

Published : Feb 8, 2023, 3:11 PM IST

কলিয়াবৰত স্কটলেণ্ড ইংলেণ্ডৰ পৰ্যটকৰ দল

কলিয়াবৰ, 8 ফেব্ৰুৱাৰী : বিদেশী পৰ্যটকৰ সৈতে কঁকাল ঘূৰাই বিহু নাচিলে অসমৰ বিহুৱা দলে (Bihu Dance by Foreigners in kaliabor)৷ অসমত আহি উপস্থিত হৈছে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এটি পৰ্যটকৰ দল ৷ ব্ৰহ্মপুত্ৰৰ বুকুৰে কলিয়াবৰৰ শিলঘাটত উপস্থিত হৈছে উক্ত পৰ্যটকৰ দলটো ৷ পৰ্যটকৰ দলটো আহিছে স্কটলেণ্ড আৰু ইংলেণ্ডৰ পৰা ৷ স্কটলেণ্ড আৰু ইংলেণ্ডৰ পৰা অসম ভ্ৰমণৰ উদ্দেশ্যৰে ৰাজ্যত আহি উপস্থিত হৈছে ৩০ জনীয়া পৰ্যটকৰ দলটো ।

গুৱাহাটী পাণ্ডুৰ পৰা MV মহাবাহু জাহাজৰে অসম ভ্ৰমণ কৰাৰ লক্ষ্যৰে তথা পৰ্যটন ক্ষেত্ৰ প্ৰত্যক্ষ কৰিবলৈ ৰাজ্যত আহি উপস্থিত হৈছে ইংলেণ্ড-স্কটলেণ্ডৰ পৰ্যটকৰ দলটো । কলিয়াবৰত উপস্থিত হোৱাৰ পাচতেই কলিয়াবৰ বাগিচাত বিহুনৃত্য উপভোগ কৰি আনন্দিত হৈ পৰে স্কটলেণ্ড আৰু ইংলেণ্ডৰ বিদেশী পৰ্যটকৰ দলটো । তাৰপিচতেই, বিদেশী পৰ্যটকৰ দলটোৱে ‘অসম সমবায় মৰাপাট কল-শিলঘাট’ পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে ।

Foreign Tourists at Kaliabor
কলিয়াবৰত স্কটলেণ্ড ইংলেণ্ডৰ পৰ্যটকৰ দল

শিলঘাটস্থিত তথা অসমৰ একমাত্ৰ মৰাপাট উদ্যোগটোৰ কাৰখানাৰ ভিতৰত প্ৰৱেশ কৰে 30 জনীয়া পৰ্যটকৰ দলটোৱে (Assam Cooperative Jute Mill) ৷ ইয়াৰ পিচত তেঁঁওলোকে খুটিনাতি মাৰি পৰিদৰ্শন কৰে কাৰখানাটো ৷ মৰাপাটৰ পৰা বস্তা, থৈলা কেনেদৰে প্ৰস্তুত কৰা হয় সেয়াও পৰিদৰ্শন কৰে বিদেশী পৰ্যটকৰ দলটোৱে । কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি মঙলবাৰে নিশাটো কলিয়াবৰ শিলঘাটত জাহাজতে কটাই বুধবাৰে পুৱাই পৰ্যটকৰ দলটো ৰাওনা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে (Kaziranga national park) ।

Foreign Tourists at Kaliabor
কলিয়াবৰত স্কটলেণ্ড ইংলেণ্ডৰ পৰ্যটকৰ দল

ক্ৰমাৎ, প্ৰচাৰ প্ৰসাৰত নতুন ৰূপ লাভ কৰিছে কলিয়াবৰৰ পৰ্যটনস্থলীয়ে । য’ত পৰ্যটনৰ সম্ভৱনাই কলিয়াবৰৰ বহু নিবনুৱা যুৱক-যুৱতীক পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত কৰি আৰ্থিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ সুযোগ প্ৰদান কৰিছে । অৱশ্যে চৰকাৰে এইক্ষেত্ৰত কিছু পৰিমাণে হ’লেও গুৰুত্ব প্ৰদান কৰিলে নিৱনুৱা সমস্যা কিছু পৰিমাণে হ’লেও হ্ৰাস কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে স্থানীয় যুৱকসকলে ৷

চৰকাৰে সু পৰিকল্পনাৰে সৈতে আঁচনি প্ৰস্তুত কৰিলে ফলপ্ৰসু হ’ব বুলি কয় স্থানীয় ৰাইজে ৷ স্থানডোখৰৰ প্ৰকৃতিক বিচিত্ৰতাই দূৰ-দূৰণিৰ পৰ্যটকক হাতবাউলি মাতে যদিও কলিয়াবৰ পৰ্যটন ক্ষেত্ৰত এতিয়া প্ৰয়োজন হৈ পৰিছে অত্যাধুনিৰ ৰেষ্ট হাউছৰ । বিদেশী পৰ্যটক আহি ৰাতিটো কটাব পৰাকৈ উক্ত স্থানত কোনো ভাল সুবিধা নাই যিয়ে নিৱনুৱাসকলৰ আৰ্থিক ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে বুলি খেদ প্ৰকাশ কৰে স্থানীয় যুৱকসকলে ৷

লগতে পঢ়ক : TMC MP Mahua Moitra on Adani: আদানী সন্দৰ্ভত চৰকাৰক তীব্ৰ আক্ৰমণ সাংসদ মহুৱা মৈত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.