ETV Bharat / state

কৃষি কেলেংকাৰী : পথাৰ নেদেখা মানুহৰ নামত কৃষি সাহাৰ্য !

author img

By

Published : May 8, 2020, 9:13 PM IST

কৃষকৰ ধনত চকু দালালৰ ৷ কৃষি বিষয়াক লাগে কৃষকৰ ধনৰ ভাগ ৷ কৃষি বিভাগত দালাল ৰাজ ৷ পঞ্চায়ত প্ৰতিনিধিৰ পৰা কৃষি বিষয়ালৈ সকলো ব্যস্ত কমিচনৰ অংকত । ৰাজ্যৰ কৃষি বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷

big agriculture scam in assam
big agriculture scam in assam

নগাঁও, 8 মে' : একাংশ দালালৰূপী বিষয়া আৰু মধ্যভোগীৰ বাবে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰ হৈছে চৰকাৰী আঁচনিসমূহ ৷ শেহতীয়াকৈ ৰাজ্য তোলপাৰ লগাইছে কৃষিবিভাগত সংঘটিত কেলেংকাৰীয়ে ৷ প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ জৰিয়তে দৰিদ্ৰ কৃষকলৈ আৱন্টিত ধন আত্মসাৎ কৰিছে একাংশ বিভাগীয় বিষয়া আৰু মধ্যভোগীয়ে ৷ কোনোদিন পথাৰত ভৰি থৈ নোপোৱা ব্যক্তিৰ নামতো আহিছে কৃষি সাহাৰ্য ৷ ভুৱা তালিকা প্ৰস্তুত কৰি ভাগ-বাটোৱাৰা কৰা হৈছে চৰকাৰী ধনৰ ৷

দুৰ্যোগৰ সময়তো কৃষকৰ ধন হজম কৰিবলৈ তিলমানো কুণ্ঠাবোধ নকৰে এইসকল চৰকাৰী বিষয়াই ৷ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনি । বছৰি তিনিটা কিস্তিত ২ হাজাৰ টকাকৈ এজন কৃষকক ৬ হাজাৰকৈ টকা প্ৰদান কৰা হয় এই আঁচনিৰ অধীনত । বৰপেটাত ইতিমধ্যে এই আঁচনিৰ টকা হজম কৰি এজন কৃষি বিষয়া নিলম্বিত হোৱাৰ পাচত নগাঁও জিলাতো পোহৰলৈ আহিছে জালিয়াতিৰ ভয়ংকৰ তথ্য ৷

জিলাখনৰ জুৰীয়া উন্নয়ন খণ্ডৰ আলিটাঙনি গাওঁ পঞ্চায়তৰ হিতাধিকাৰীৰ তালিকাত দেখা গৈছে ব্যাপক বিসংগতি ৷ গাঁওপঞ্চায়তটোৰ অধীনত নাই এজনো হিন্দু লোক ৷ মুছলমান অধ্যুষিত অঞ্চলটোৰ কৃষকৰ বাবে প্ৰকাশিত তালিকাত নাম সন্নিৱিষ্ট হৈছে হিন্দু মানুহৰ ৷

কৃষি বিষয়াক লাগে কৃষকৰ ধনৰ ভাগ

নগাঁও জিলাত আৱন্টন হৈছিল মুঠ ১,৭৩,৯00 টকা ৷ইয়াৰে 70 শতাংশ হিতাধিকাৰী আছে ধিং আৰু ৰূপহীহাটত ৷ কিন্তু হিতাধিকাৰীৰ তালিকাৰ পৃষ্ঠাই পৃষ্ঠাই দেখা গৈছে কেৱল কেলেংকাৰীৰ দস্তাবেজ । জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়ততেই সংঘটিত হৈছে এনে ভয়াৱহ কেলেংকাৰী । কেলেংকাৰীত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে বেংকৰ একাংশ গ্ৰাহকসেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধেও ৷ আঁচনিৰ দ্বাৰা উপকৃত হোৱা প্ৰায় 70 শতাংশই ভুৱা হিতাধিকাৰী ৷

এতিয়া এইদৰেই চৰকাৰী ধন চল-চাতুৰী কৰি নিজৰ চন্দুকলৈ কঢ়িওৱাত ব্ৰতী হৈছে একাংশ বিষয়া ৷ উপযুক্ত তদন্তৰ অন্ততহে পোহৰলৈ আহিব কোন কোন ৰৌ-বৰালি জড়িত আছে এই ধন আত্মসাতৰ ঘটনাত ৷

লগতে পঢ়ক : আতংকিত নহয়, এই সময়ত সজাগ হওক জনসাধাৰণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.