নগাঁও, 13 জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পাহাৰীয়া জিলা কাৰ্বি আংলঙত হৈ থকা উন্নয়নমূলক কামৰ প্ৰতি আস্থা প্ৰকাশ কৰা বাবেই আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে । কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী ফলাফলক লৈ এই মন্তব্য আগবঢ়ালে বিজেপি সভাপতি ভৱেশ কলিতাই(Bhabesh kalita comments on karbi election) ।
উল্লেখ্য যে, দেওবাৰে ঘোষণা কৰা হ'ল কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনৰ ফলাফল ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত পুনৰ অপ্ৰতিৰোধ্য হৈ ৰ'ল গেৰুৱা দল বিজেপি (KAAC election result 2022) ৷ ২৬ টা পৰিষদীয় সমষ্টিৰ আটাইকেইটা সমষ্টি দখল কৰি পুনৰ নিশ্চত বিজয়ৰ দিশে অগ্ৰসৰ হৈছে ড৹ তুলিৰাম ৰংহাং নেতৃত্বাধীন টীম কাৰ্বি আংলং ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ডিফু, হামৰেণ আৰু বোকাজান নিৰ্বাচনী জিলাত ক্ৰমে ১০ টা, ৯ টা আৰু ৭ টা সামৰি মুঠ ২৬ টা পৰিষদীয় সমষ্টিতে দেওবাৰে অনুষ্ঠিত হোৱা ভোট গণনাত বিজেপি প্ৰাৰ্থীসকলে মাৰিলে শেষ হাঁহি ৷
ইফালে, সোমবাৰে নগাঁৱত উপস্থিত হৈ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কাৰ্বি আংলংবাসীয়ে কেৱল উন্নয়নৰ পক্ষত ভোটদান কৰা বুলি মন্তব্য কৰে ৷ সংবাদ মাধ্যমৰ সন্মুখত বাংলাদেশী ইছ্যু সন্দৰ্ভত কৌশলী মন্তব্য আগবঢ়ায় বিজেপি সভাপতিগৰাকীয়ে । লগতে ভুৱা আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড প্ৰস্তুত কৰা সকলকো সকীয়নি প্ৰদান কৰে বিজেপি সভাপতি ভৱেশ কলিতাই ।
লগতে পঢ়ক : কাৰ্বি পাহাৰত পদুমৰ হাঁহি : বিৰোধীৰ ভূমিস্খলন