ETV Bharat / state

মাংগলিক ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা - মাংগলিক ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা

সত্ৰৰ ভকত বৈষ্ণৱ সমন্বিতে বটদ্ৰৱা থানৰ হাটীবহাৰ কেৱলীয়া ভকত বৈষ্ণৱ, আইমাতৃ আৰু সত্ৰৰ গায়ন-বায়ন সকলে সামাজিক দূৰত্ব মানি ডবা,নেগেৰা, তাল, খোল দেৱবাদ্য বজায় হৰি নামৰ উচ্চাৰণৰ মাজেৰে কৰ'ণা নিপাত যোৱাৰ বাবে ঘোষা গায় ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনায়।

Batadrawa than
বটদ্ৰৱা
author img

By

Published : Jul 31, 2020, 1:34 PM IST

বটদ্ৰৱা, 31 জুলাই : বৃহস্পতিবাৰে সন্ধিয়া দেৱবাদ্যৰ ধ্বনিৰে মুখৰিত হয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰৰ লগত জড়িত নেতৃস্থানীয় লোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় বটদ্ৰৱাত কৰ'ণাৰ বিৰুদ্ধে নাম কীৰ্ত্তন আৰু সামূহিক প্ৰাৰ্থনা জনায় ভকত বৈষ্ণৱসকলে । বৃহস্পতিবাৰে অসমৰ সত্ৰ তথা ধৰ্ম সংস্কৃতিৰ পীঠস্থান সমূহ বিশেষকৈ মন্দিৰ আৰু নামঘৰ সমূহত শাওন মাহৰ শুক্লা একাদশী তিথি উপলক্ষে গায়ন-বায়নসকলে দেৱবাদ্য বজায় ৷

লগতে পঢ়কঃ ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত কঠোৰ হ'লেই স্তিমিত নহয় কৰ'ণাৰ সংক্ৰমণ : ডঃ হাফিজ ৰফিকুল ইছলাম

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাতো কৰ'ণাৰ পৰা পৰিত্ৰাণ বিচাৰি সন্ধিয়া ৬-৪৫ বজাত শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ ঐতিহাসিক কীৰ্তনঘৰৰ সিংহদ্বাৰৰ সন্মুখত সৰ্বমংগলময় এক বিশেষ প্ৰাৰ্থনা আৰু সামূহিক মংগল ধ্বনিৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ সত্ৰৰ ভকত বৈষ্ণৱ সমন্বিতে বটদ্ৰৱা থানৰ হাটীবহাৰ কেৱলীয়া ভকত বৈষ্ণৱ, আইমাতৃ আৰু সত্ৰৰ গায়ন-বায়ন সকলে সামাজিক দূৰত্ব মানি ডবা,নেগেৰা, তাল, খোল দেৱবাদ্য বজায় হৰি নামৰ উচ্চাৰণৰ মাজেৰে কৰ'ণা নিপাত যোৱাৰ বাবে ঘোষা গায় ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনায়।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.