ETV Bharat / state

বটদ্ৰৱাত তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি

বটদ্ৰৱাত শোকাৱহ ঘটনা ৷ সোমবাৰে পুখুৰীত গা ধুই থকা অৱস্থাত মৃত্যু ঘটে এজন তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ ৷

author img

By

Published : Jul 8, 2019, 7:05 PM IST

বটদ্ৰৱাত তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি

বটদ্ৰৱা,8 জুলাইঃ বটদ্ৰৱাৰ বাটমাৰীত শোকাৱহ ঘটনা । পুখুৰীত গা ধুই থকা অৱস্থাত মৃত্যু এজন ছাত্ৰৰ । বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা । বটদ্ৰৱা বাটমাৰী গাঁৱৰ বুলবুল হুছেইন নামৰ লোক জনৰ ১১ বছৰীয়া পুত্ৰ আবু বক্কৰ ছিদ্দিকে বিদ্যালয়ৰ পৰা গৈ ঘৰৰ সন্মুখত থকা এটি পুখুৰীত সমনীয়াৰ সৈতে গা ধুই থাকোতেই ঘটে এই অঘটন । সাঁতুৰি নাদুৰি গা ধুই থকা অৱস্থাত হঠাতে ১১ বছৰীয়া কণমানি ছিদ্দিক পানীৰ মাজত ডুব যায়, লগে লগে সমনীয়াই চিঞৰ বাখৰ কৰাত পৰিয়ালৰ লোকে আহি শিশুটিক উদ্ধাৰ কৰে । উদ্ধাৰ কৰি শিশুটিক বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । বাটমাৰী জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ মেধাবী ছাত্ৰ আবু বক্কৰ ছিদ্দিকৰ অকাল মৃত্যুত অঞ্চলটোত পৰিছে শোকৰ ছাঁ । উল্লেখ্য যে এই পুখুৰীত পূৰ্বেও এটি শিশু গা ধুই থকা অৱস্থাত পানীত পৰি মৃত্যু হৈছিল ।

Intro:বটদ্ৰৱাত শোকাৱহ ঘটনা । পুখুৰীত গা ধুই থকা অৱস্থাত মৃত্যু তৃতিয় শ্ৰেনীৰ কনমানি এজন ছাত্ৰৰ ৷Body:বটদ্ৰৱাৰ বাটমাৰীত শোকাৱহ ঘটনা । পুখুৰীত গা ধুই থকা অৱস্থাত মৃত্যু এজন ছাত্ৰৰ । বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। বটদ্ৰৱা বাটমাৰী গাঁৱৰ বুলবুল হুছেইন নামৰ লোক জনৰ ১১ বছৰীয়া পুত্ৰ আবু বক্কৰ ছিদ্দিকে বিদ্যালয়ৰ পৰা গৈ ঘৰৰ সন্মুখত থকা এটি পুখুৰীৰ সমনীয়া সৈতে আছিল গা ধুই। সাতুৰি নাদুৰি গা ধুই থকা অৱস্থাত হথাতে ১১ বছৰীয়া কনমানি ছিদ্দিক পানীৰ মাজত ডুব যায়, লগে লগে সমনীয়াই চিঞৰ বাখৰ কৰাত পৰিয়ালৰ লোকে আহি শিশুটিক উদ্ধাৰ কৰে । উদ্ধাৰ কৰি শিশুটিক বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বাটমাৰী জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ মেধাবী ছাত্ৰ আবু বক্কৰ ছিদ্দিকৰ অকাল মৃত্যুত অঞ্চলটোত পৰিছে শোকৰ ছাঁ। উল্লেখ্য যে এই পুখুৰীত পূৰ্বেও এটি শিশু গা ধুই থকা অৱস্থাত পানীত পৰি মৃত্যু হৈছিল ।_____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.