ETV Bharat / state

বটদ্ৰৱাত বিকশিত অসমৰ নগ্ন স্বৰূপ - বটদ্ৰৱাত জৰাজীৰ্ণ পথ নির্মাণ ৰাইজৰ

বটদ্ৰৱাত ৰাইজৰ গাঠিৰ ধনেৰে মেৰামতি কৰিলে পথ । বিগত সময়ত এফালে যদি বিধায়িকাগৰাকীয়ে মাৰাথন আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়াৰ চেষ্টা চলাইছে আনফালে আকৌ এনেকৈ ৰাইজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰিছে গড়কাপ্তানী বিভাগৰ পথ ।

বটদ্ৰৱাত বিকশিত অসমৰ নগ্ন স্বৰূপ
বটদ্ৰৱাত বিকশিত অসমৰ নগ্ন স্বৰূপ
author img

By

Published : Jan 18, 2020, 2:36 PM IST

বটদ্ৰৱা, 18 জানুৱাৰীঃ গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাট-পথৰ আমোল পৰিবৰ্তনৰ বিষয়ে যিমানেই ফুটনি নামাৰক কিয় সেই কথা কেবল সীমাবদ্ধ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতহে ৷ কাৰণ বটদ্ৰৱাত এতিয়া জৰাজীৰ্ণ পথ নির্মাণ কৰিছে ৰাইজৰ গাঁঠিৰ ধনেৰে । কিন্তু সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰি আছে সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । বিধায়িকাগৰাকীয়ে সভা সমিতিয়ে সমষ্টিৰ উন্নয়নৰ কথা কয় যদিও সঁচা অৰ্থত প্ৰকৃত ৰহস্য ফাদিল নকৰিলে অপুনি হয়তো গমেই নাপাব বিধায়িকাগৰাকীয়ে উন্নয়নৰ নামত কৰা কোবাই থকা ফঁটা ঢোলটোৰ কথা ।

বটদ্ৰৱাত বিকশিত অসমৰ নগ্ন স্বৰূপ

প্ৰকৃততে সমষ্টিটোত সঠিক ৰূপত ৰূপায়ন হৈছেনে অভিলাষী আঁচনিসমূহ ? বিগত সময়ত এফালে যদি বিধায়িকাগৰাকীয়ে মাৰাথন আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়াৰ চেষ্টা চলাইছে আনফালে আকৌ এনেকৈ ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিছে গড়কাপ্তানী বিভাগৰ পথ । মুঠৰ উপৰত সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত ৰহস্যজনক নিৰৱ দৰ্শক হৈ ৰৈছে সভাই সমিতিয়ে উন্নয়নৰ কথাৰে ফুলজাৰি মাৰা বিধায়িকাগৰাকী ।

লগতে পঢ়কঃ শীঘ্ৰেই ভাৰতে লাভ কৰিব S-400 এয়াৰ ডিফেন্স ক্ষেপনাস্ত্ৰ

এইটো বটদ্ৰৱা সমষ্টিৰ ধিং গড়কাপ্তানি পথৰ মেৰাটলৰ পৰা আলিটাঙনী সংযোগী পথ । বিগত কংগ্ৰেছ চৰকাৰৰ দিনত এই পথটো মেৰামতিৰ কাম কৰা হৈছিল যদিও বৰ্তমান চাৰি বছৰে এই পথটো জৰাজীৰ্ণ হৈ জমৰ যাতনাৰে নিতৌ পথাচাৰীয়ে কৰিবলগীয়া হৈছে যাতায়ত । বিধায়িকা আঙুৰলতা ডেকাই এই ক্ষেত্ৰত কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে খোদ বিজেপি দলৰ কৰ্মী সকলে।

Intro:বিকশিত অসমৰ উন্নয়নৰ নগ্ন স্বৰূপ । বটদ্ৰৱাত ৰাইজৰ গাঠিৰ ধনেৰে মেৰামতি কৰিলে পথ । নিৰ্বিকাৰ ব্যাগুম গড়কাপ্তানী বিভাগ ।Body:ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাট পথৰ আমোল পৰিবৰ্তনৰ বিষয়ে যিমানেই বৰজহ মাৰি নাথাকক কিয় সেই কথা কেবল সীমাবদ্ধ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতহে । হয় আপুনি ঠিকেই শুনিছে কাৰণ বটদ্ৰৱাত এতিয়া জৰাজীৰ্ন পথ নির্মাণ কৰিছে ৰাইজৰ গাঠিৰ ধনেৰে । কিন্তু সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰি আছে সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । বিধায়িকা গৰাকীয়ে সভা সমিতিয়ে সমষ্টিৰ উন্নয়নৰ কথা কয় যদিও সচা অৰ্থত প্ৰকৃত ৰহস্য ফাদিল নকৰিলে অপুনি হয়তো গমেই নাপাব বিধায়িকা গৰাকীয়ে উন্নয়নৰ নামত কৰা ফোপোলা স্বৰূপটো । প্ৰকৃততে সমষ্টিটোত অভিলাষী আঁচনি সমূহ ৰূপায়ন সঠিক ৰূপত ব্যৱহাৰ হৈছেনে ? ভালদৰে মন কৰক এই দৃশ্য সমূহলৈ । চাওঁক বিগত সময়ত এফালে যদি বিধায়িকা গৰাকীয়ে মাৰাথন আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়াৰ চেষ্টা চলাইছে আনফালে আকৌ কেনেকৈ ৰাইজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰিছে গড়কাপ্তানী বিভাগৰ পথ । মুঠৰ উপৰত সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত ৰহস্যজনক নিৰৱ দৰ্শক হৈ ৰৈছে সভাই সমিতিয়ে উন্নয়নৰ কথাৰ ফুলজাৰি মাৰা বিধায়িকা গৰাকী । এই ব্যস্ত পথটো বটদ্ৰৱা সমষ্টিৰ ধিং গড়কাপ্তানি পথৰ মেৰাটলৰ পৰা আলিটাঙনী সংযোগী পথৰ দৃশ্য । বিগত কংগ্ৰেছ চৰকাৰৰ দিনত এই পথটো মেৰামতিৰ কাম কৰা হৈছিল যদিও বৰ্তমান চাৰি বছৰে এই পথটো জৰাজীৰ্ণ হৈ জমৰ যাতনাৰে নিতৌ পথাচাৰীয়ে কৰিব লগীয়া হৈছে যাতায়ত । বিধায়িকা আঙুৰলতা ডেকাই এইক্ষেত্ৰত কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে খোদ বিজেপি দলৰ কৰ্মী সকলে। বহুবল্কী মন্ত্ৰী হিমন্তৰ বিয়াগোম গড়কাপ্তানী বিভাগ আৰু স্থানীয় বিধায়িকা গৰাকীৰ নিৰব ভূমিকাৰ বাবেই হাতিজুজুৱাবাসী ৰাইজে সাধাৰণ লোকৰ লগতে অসুস্থ ৰোগী সকলৰ সুবিধাৰ বাবে স্ৰম দান কৰি নিজেই নিৰ্মাণ কৰিলে পথটি । ইফালে বিধায়িকা আঙুৰলতা ডেকাই ৰাইজৰ কথা গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে নিজ দলৰ কৰ্মী সকলে ।___________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.