ETV Bharat / state

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতিঃ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা! - etv_assam

নগাঁৱৰ ধিঙৰ জেঙনীত নিজ পত্নীক হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি হত্য়াকাৰী স্বামীৰ অন্য যুৱতীৰ লগত চলি আছিল প্ৰেমৰ সম্পৰ্ক । দীৰ্ঘ দিন ধৰি নিজ পত্নীক চলাই আহিছিল শাৰীৰিক আৰু মানসিক নির্যাতন ।

ধিঙত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি
author img

By

Published : Jun 12, 2019, 9:02 PM IST

বটদ্ৰৱা,১২ জুনঃ বুধবাৰে ধিঙত এটা পুখুৰীত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ । এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ ধিঙৰ জেঙনীত । জেঙনীস্থিত ষ্টেট বেংকৰ চি এচ পিৰ স্বত্বাধিকাৰী ছেলিমা বেগমৰ মৃতদেহ এইদৰে পুখুৰীত উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । ৰাইজৰ তথা বোৱাৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ স্বামী ছাইফুল ইছলামৰ পৰকীয়া প্ৰেমৰ বাবেই দীৰ্ঘ দিন ধৰি নিজ পত্নীক চলাই আহিছিল শাৰীৰিক আৰু মানসিক নির্যাতন । অভিযোগ মতে,ছাইফুলৰ দীৰ্ঘ দিন ধৰি চলি আছিল অন্য যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক । সেই কথা পত্নীয়ে গম পাই বাধা দিয়াৰ ফলত নিতৌ নিৰ্যাতনৰ বলি হবলগীয়া হৈছিল দুৰ্ভগীয়া ছেলিমা বেগম ।

ধিঙত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি

উপায়ন্তৰ হৈ লম্পট স্বামীৰ কুকৰ্মৰ কথা ফোনযোগে জনাইছিল ছেলিমাই পিতৃ গৃহক । যাৰ বাবেই লম্পট ছাইফুলে পত্নীক হত্যা কৰি পুখুৰীত ৰহস্যজনক ভাৱে পেলাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকৰ । ইফালে মৃতদেহৰ মুখ মণ্ডলত তেজৰ চেঁকুৰা আৰু শৰীৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট । পিছত ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নগাঁৱলৈ ।

Intro:ধিঙত পুখুৰীত ৰহস্যজনক ভাবে উদ্ধাৰ বোৱাৰীৰ মৃতদেহ। স্বামীয়ে হত্যা কৰাৰ অভিযোগ ৰাইজৰ ।Body:ধিঙত পৰকীয়া প্ৰেমৰ বাবেই নিজ পত্নীক হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে । এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ ধিঙৰ জেঙনীত । বুধবাৰে পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত উদ্বাৰ হয় বোৱাৰী গৰাকীৰ মৃতদেহ ৷ মৃতদেহটো জেঙনীৰ ছাইফুল ইছলামৰ পত্নী ছেলিমা বেগম বুলি চিনাক্ত কৰে স্থানীয় ৰাইজে ।জেঙনীস্থিত ষ্টেট বেংকৰ চি এচ পিৰ স্বত্বাধীকাৰী ছেলিমা বেগমৰ মৃতদেহ এইদৰে পুখুৰীত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ। ৰাইজৰ তথা বোৱাৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ স্বামী ছাইফুল ইছলামৰ পৰকীয়া প্ৰেমৰ বাবেই দীৰ্ঘ দিন ধৰি নিজ পত্নীক চলাই আহিছিল শাৰীৰিক মানসিক নির্যাতন । ছাইফুলৰ দীৰ্ঘ দিন ধৰি চলি আছিল অন্য যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক । সেই কথা পত্নীয়ে গম পাই বাধা দিয়াৰ ফলত নিতৌ নিৰ্যাতনৰ বলি হবলগীয়া হৈছিল দুৰ্ভগীয়া ছেলিমা বেগম । উপায়ন্তৰ হৈ লম্পট স্বামীৰ কুকৰ্মৰ কথা ফোনযোগে জনাইছিল ছেলিমাই পিতৃ গৃহক । যাৰ বাবেই লম্পট ছাইফুলে পত্নীক হত্যা কৰি পুখুৰীত ৰহস্যজনক ভাবে পেলাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্ঠা কৰৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকৰ । ইফালে মৃতদেহৰ মুখ মণ্ডলত তেজৰ চেঁকুৰা আৰু শৰীৰ বিভিন্ন ঠাইত আঘাতৰ চিন ইস্পষ্ট দেখা গৈছে । পিছত ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে নগাঁৱলৈ । ইফালে ছেলিমা বেগমৰ পিতৃ গৃহৰ অভিযোগ ছেলিমা বেগমক স্বামী ছাইফুলে হত্যা কৰি ছেলিমাৰ নামত থকা অজস্ৰ সম্পত্তিৰ মালিক হোৱাৰ সপোন ছাইফুলৰ সেইহে হত্যা কৰিলে নিজ পত্নীক ।__________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.