ETV Bharat / state

সম্প্ৰীতিৰ নিদৰ্শন নগাঁৱৰ কোবাই কটা সত্ৰ

ঐতিহ্যমণ্ডিত সত্ৰৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে একত্ৰিত হ'ল হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোক । দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন ৷

কোবাই কটা সত্ৰত সম্প্ৰীতিৰ নিদৰ্শন, একত্ৰিত হ'ল হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোক
author img

By

Published : Nov 25, 2019, 11:15 PM IST

বটদ্ৰৱা, 25 নৱেম্বৰ: এখন ঐতিহাসিক সত্ৰ । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ নিচেই কাষতে থকা ঐতিহ্যমণ্ডিত কোবাই কটা সত্ৰত সোমবাৰে একত্ৰিত হ’ল হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোক। উদ্দেশ্য সতী ৰাধিকা স্মৃতি বিজড়িত সত্ৰখনৰ উন্নয়ন আৰু সুৰক্ষা। এই সত্ৰখনৰ ওচৰে পাজৰে নাই কোনো হিন্দু ধৰ্মৰ লোক। কিন্তু সত্ৰখন আজিও সুৰক্ষিত। নিতৌ মনিকূটত জ্বলে বন্তি,বাজে দবা ।

কোবাই কটা সত্ৰ
কোবাই কটা সত্ৰ

সত্ৰৰ এই নিত্য নৈমিত্তিক কাৰ্যত সহযোগত কৰে স্থানীয় মুছলমান লোকে । গুৰুজনাই জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে বৃহৎ অসমীয়া জাতি গঠনৰ যি সপোন দেখিছিল তাৰেই যেন এক বিৰল নিদৰ্শন দাঙি ধৰিছে এই কোবাই কটা সত্ৰই। সাম্প্ৰদায়িক ভেদাভেদ একাকাৰ কৰি এখন সত্ৰ উন্নয়নৰ বাবে গঠন কৰিলে সমিতি । য’ত আছে স্থানীয় বহু কেইগৰাকী মুছলমান লোক।

সম্প্ৰীতিৰ নিদৰ্শন কোবাই কটা সত্ৰত,একত্ৰিত হ'ল হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোক

সোমবাৰে ভকত মুহিধৰ আতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী ৷ মুছলমান লোকৰ গুৰুজনাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসত অভিভূত হৈ পৰে সত্ৰাধিকাৰগৰাকী ।

উল্লেখ্য যে এপষেক পূৰ্বে সত্ৰখনত একাংশ দুষ্ট চক্ৰই অসৎ উদেশ্যেৰে এজন যুৱকক আনি সত্ৰাধিকাৰ পাতি বিতৰ্কিত সোমাই পৰিছিল। সত্ৰৰ দুৱাৰত লগাইছিল তলা,যাক লৈ সৃষ্টি হৈছিল ব্যপক প্ৰতিক্ৰিয়া।

লগতে চাওক- সৰ্বা , হিমন্তৰ প্ৰতিমূৰ্তিত শাৰী পিন্ধালে কটনিয়ানে

Intro:ঐতিহ্যমণ্ডিত সত্ৰৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে একত্ৰিত হ'ল হিন্দু - মুছলমান উভয় সম্প্ৰদায়ৰ লোক। দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন ।Body:এখন ঐতিহাসিক সত্ৰ। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ নিচেই কাষতে থকা ঐতিহ্যমণ্ডিত কোবাই কটা সত্ৰত সোমবাৰে একত্ৰিত হল হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোক। উদেশ্যে সতী ৰাধিকা স্মৃতি বিজড়িত সত্ৰ খনৰ উন্নয়ন আৰু সুৰক্ষা। এই সত্ৰ খনৰ ওচৰে পাজৰে নাই কোনো হিন্দু ধৰ্মৰ লোক। কিন্তু সত্ৰ খন আজিওঁ সুৰক্ষিত। নিতৌ মনিকূতত জ্বলে বন্তি, বাজে দবা। সত্ৰৰ এই নিত্য নৈমিত্তিক কাৰ্যত সহযোগত কৰে স্থানীয় মুছলমান লোকে। গুৰুজনাই জাতি - ধৰ্ম - বৰ্ণ নিৰ্বিশেষে বৃহৎ অসমীয়া জাতি গঠনৰ যি সপোন দেখিছিল তাৰেই যেন এক বিৰল নিদৰ্শন কোবাইকটা সত্ৰ। সাম্প্ৰদায়িক ভেদাভেদ একাকাৰ কৰি এখন সত্ৰ উন্নয়নৰ বাবে গঠন কৰিলে সমিতি। যত আছে স্থানীয় বহু কেইগৰাকী মুছলমান লোক। সোমবাৰে ভকত মুহিধৰ আতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে মুছলমান লোকৰ গুৰুজনাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসত অভিভূত হৈ পৰে। উল্লেখ্য যে এপষেক পূৰ্বে সত্ৰ খনত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অসৎ উদেশ্যেৰে এজন যুৱকক আনি সত্ৰাধিকাৰ পাতি বিতৰ্কিত সোমাই পৰিছিল। আৰু সত্ৰৰ দোৱাৰত লগাইছিল তলা, যাক লৈ সৃষ্টি হৈছিল ব্যপক প্ৰতিক্ৰিয়া।_____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.