বটদ্ৰৱা,18 এপ্ৰিল : লক ডাউনৰ সময়ছোৱাত দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক কেন্দ্ৰীয় চৰকাৰে অভিলাষী আচঁনিসমূহৰ জৰিয়তে আগবঢ়াইছে ধন। এই আঁচনি সমূহৰ ভিতৰত আছে বৃদ্ধ পেঞ্চন,উজ্জ্বলা আচঁনি,বিধৱা পেঞ্চন,কৃষকৰ আচঁনি,জন ধন যোজনা আৰু জৱ কাৰ্ডকে ধৰি বহু অভিলাষী আঁচনি । কিন্তু বটদ্ৰৱাৰ ধিঙত এই আচঁনি সমূহৰ ধন অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা আনিবলৈ যাওতে গ্ৰাহক সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া গৈছে।
গ্ৰাহকসকলৰ এই অসুবিধাৰ আঁৰত অসম গ্ৰামীণ বিকাশ বেংকৰ হঠকাৰী সিদ্ধান্ত জড়িত আছে বুলি দৰিদ্ৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি,অসম গ্ৰামীণ বিকাশ বেংকে প্ৰতিজন গ্ৰাহকৰ সেৱা কেন্দ্ৰত প্ৰতিদিনে মাত্ৰ ৫০ হাজাৰ টকাহে দিয়ে আৰু গ্ৰাহক সেৱা কেন্দ্ৰসমূহে প্ৰতিজন গ্ৰাহকক এদিনত মাত্ৰ ৫০০ টকাহে প্ৰদান কৰে। ইয়াৰ ফলত চৰকাৰে আগবঢ়োৱা ২৫০০ টকা ল’বলৈ এজন গ্ৰাহকৰ 5 দিনৰ সময়ৰ প্ৰয়োজন হয় ।
এই ঘটনাক লৈ প্ৰতিটো অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত লক ডাউনৰ নিয়ম কৰি যথেষ্ট ভিৰৰ সৃষ্টি কৰিছে গ্ৰাহকসকলে । ধিং আঞ্চলিক ছাত্ৰ সন্থা আৰু ভুক্তভোগী গ্ৰাহকে এই সন্দৰ্ভত বিত্তমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপ দাবী কৰাৰ লগতে এদিনত টকা দিয়াৰ পৰিমাণ ৫০০ৰ পৰিৱৰ্তে ১০ হাজাৰ টকালৈ বৃদ্ধি কৰিবলৈ অনুৰোধ জনায় ৷
লগতে পঢ়ক : ডিব্ৰুগড় জিলাৰ 35জনকৈ লোকক কোৱাৰেণ্টাইন শিবিৰৰ পৰা মুকলি