ETV Bharat / state

কাৰ পকেটলৈ যায় কপিলীৰ অবৈধ বালি মহলৰ কমিচনৰ ধন ? - সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদ

"মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেনেকৈ কমিচন পাই তেনেকৈ কপিলীনদীৰ অবৈধ বালি মহলৰ কমিচন বনমন্ত্ৰী গৰাকীয়ে লাভ কৰে ।" এই মন্তব্য সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ । মধ্য অসমৰ কপিলী নৈত চলি থকা অবৈধ বালি ব্যৱসায়ৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে সভাপতি ৰুবুল দাসে ।

অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস
author img

By

Published : Oct 6, 2019, 7:01 PM IST

নগাঁও, 6 অক্টোবৰঃ নগাঁৱৰ বঢ়মপুৰৰ কামপুৰত গঢ়ি উঠা বালি চিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ দিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে । পৰিষদৰ সভাপতি ৰুবুল দাসে বালি মাফিয়াৰ বিৰুদ্ধে বন বিভাগে ব্যৱস্থা ল'ব নোৱাৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে । উল্লেখ্য যে, কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বিভিন্ন এলেকাত বালি মাফিয়াই তাণ্ডৱ চলাই আহিছে । বিশেষকৈ কামপুৰৰ বৰপানী আৰু কপিলী নৈত মেচিনেৰে কৰা বালিখননৰ ফলত দুয়োখন নৈৰ প্ৰাকৃতিক ভাৰসাম্যলৈ গভীৰ সংকত নামি আহিছে । কপিলী নৈত কাকতিগাঁও, মাগুৰগাঁও, বকুলগুৰিত পঞ্চাশৰো অধিক মেচিনেৰে বালি সংগ্ৰহ কৰি থকাৰ পিছটো বনবিভাগে কোনো পদক্ষেপ নোলোৱা বুলি মন্তব্য কৰে যুৱ নেতা ৰুবুল দাসে ৷ ইপিনে এইক্ষেত্ৰত বালি মাফিয়াৰে কামপুৰৰ বন বিষয়া বিনোদ বিহাৰী সিঙৰ গোপন সম্পৰ্ক থকা বুলিও অভিযোগ উত্থাপন কৰে ৰুবুল দাসে ।

বালি চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদ

ইফালে, একেখন চালানতে কেইবাবাৰো বালি নিয়া আৰু বনবিভাগৰ নিয়ম উলংঘা কৰি বালি ট্ৰাকবোৰত অধিক পৰিমানে বালি কঢ়িয়াই নিয়া বুলি অভিযোগ কৰে ৰুবুল দাসে । বনবিভাগত চলি থকা বালি চিণ্ডিকেটত কামপুৰ বনবিভাগৰ বিষয়াগৰাকীৰ পৰা বনমন্ত্ৰীলৈকে জড়িত থকাৰ অভিযোগ কৰে ৰুবুল দাসে ।

Intro:কামপুৰত বালি মাফিয়াৰ বিৰুদ্ধে তীব্ৰ হুঙ্কাৰ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ । সভাপতি ৰুবুল দাসৰ বিস্ফোৰণ ।কপিলী নদীৰ অবৈধ্য বালি মহলৰ কমিচনৰ ধন বনমন্ত্ৰী পৰিমলশুক্ল বৈদ্যই খাই আছে ।

Anchor=কপিলীনদীৰ অবৈধ্য বালি মহলৰ কমিচনৰ ধন বনমন্ত্ৰী পৰিমলশুক্ল বৈদ্যৰ পকেটলৈ যায় । মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালে যেনেকৈ কমিচন পাই তেনেকৈ কপিলীনদীৰ অবৈধ্য বালি মহলৰ কমিচন বনমন্ত্ৰী গৰাকীয়ে লাভ কৰে ।এই মন্তব্য সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ ।মধ্য অসমৰ কপিলী নদীত চলি থকা অবৈধ্য বালি ব্যৱসায়ৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে সভাপতি ৰুবুল দাসে ।
Body:
V/o=নগাঁও জিলাৰ বঢ়মপুৰৰ কামপুৰত গঢ়ি উঠা বালি চিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ হুঙ্কাৰ দিছে অনুসূচীত জাতিৰ যুৱ ছাত্ৰ পৰিষদে ।পৰিষদৰ সভাপতি ৰুবুল দাসে বালি মাফিয়াৰ বিৰুদ্ধে বন বিভাগে ব্যৱস্থা লব নোৱাৰা কাৰ্যক কথোৰ ভাষাৰে সমালোচনা কৰে ।উল্লেখ্য যে কামপুৰ বন আঞ্চলিক কাৰ্যলয়ৰ বিভিন্ন এলেকাত বালি মাফিয়াই তাণ্ডৱ চলাই আহিছে ।বিশেষ কামপুৰৰ বৰপানী আৰু কপিলী নৈত মেচিনৰে বালিতোলা ফলত দুয়োখন নদীৰ প্ৰাকৃতিক ভাৰসাম্যলৈ গভীৰ সংকত নামি আহিছে ।কপিলী নৈত কাকতিগাওঁ ;মাগুৰগাওঁ বকুলগুৰিত পঞ্চাশৰো অধিক মেচিনৰে বালি সংগ্ৰহ কৰি থকাৰ পিছটো বনবিভাগে পদক্ষেপ হাতত নোলোৱা বুলি মন্তব্য কৰে যুৱ নেতাজনে ।ৰুবুল দাসে ইয়াকো কয় যে মেচিনৰে বালি তুলাৰ অভিযোগ উঠিলে বন বিভাগে অভিযান চলাই যদিও ৰহস্য জনক ভাৱে বনবিভাগৰলোক উপস্থিত হোৱাৰ আগতেই অন্তৰ্ধান হয় বালি তুলাৰ মেচিনবোৰ । এইক্ষেত্ৰত বালি মাফিয়াৰে কামপুৰৰ বন বিষয়া বিনোদ বিহাৰী সিংৰ গোপন সম্পৰ্ক থকা বুলি কয় ৰুবুল দাসে ।ইফালে একেখন চালানতে কেইবাৰো বালি নিয়া আৰু বনবিভাগৰ নিয়ম উলংঘা কৰি বালি ট্ৰাকবোৰত অধিক পৰিমানে বালি কঢ়িয়াই নিয়া বুলি অভিযোগ কৰে ৰুবুল দাসে ।বনবিভাগৰ নীতি নিয়ম উলংঘা কৰি ট্ৰাক সমূহত অধিক পৰিমানে বালি কঢ়িওৱাৰ ফলত বহুগ্ৰাম্য অঞ্চলৰ পথ ভাঙি চুৰমাৰ হৈছে ।যাৰবাবে তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে গ্ৰাম্যঅঞ্চলৰ লোক সকল ।
কিন্তু এইবোৰ দেখিও বন বিষয়া গৰাকীয়ে নেদেখা ভাও ধৰা অভিযোগ কৰিছে ৰুবল দাসে ।বনবিভাগত চলি থকা বালি চিণ্ডিকেটত কামপুৰৰ বনবিভাগৰ বিষয়াগৰাকীৰ পৰা বনমন্ত্ৰী জনলৈকে জড়িত থকাৰ অভিযোগ কৰিছে ৰুবুল দাসে ।তেওঁ কামপুৰত চলি থকা এই বালি চিণ্ডিকেট ৰাজৰ এক উচিত তদন্ত দাবী কৰে ।
Byte=ৰুবুল দাসে ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.