ETV Bharat / state

1400 অসমীয়া যুৱক-যুৱতীয়ে হেৰুৱাব চাকৰি !

author img

By

Published : Sep 11, 2020, 11:07 PM IST

অনিশ্চিত ভৱিষ্যতক কেন্দ্ৰ কৰি এতিয়া শংকিত ৰাজ্যৰ সহস্ৰাধিক আৰোগ্য মিত্ৰ আৰু আয়ুষ্মান ভাৰতৰ কৰ্মী ৷ স্বাস্থ্য বিভাগৰ এই বিজ্ঞাপনৰ পিছতেই এতিয়া ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে এইসকল আৰোগ্য মিত্ৰ আৰু আয়ুষ্মান ভাৰতৰ অধীনৰ কৰ্মচাৰী ৷ চৰকাৰৰ প্ৰকাশিত বিজ্ঞাপনত পাঁচবছৰৰ অভিজ্ঞতা বিচৰাৰ লগতে বয়সৰ সীমা নিৰ্ধাৰণ কৰিছে মাত্ৰ ত্ৰিশ বছৰ । এনেক্ষেত্ৰত পূৰ্বৰ কৰ্মচাৰীয়ে অভিজ্ঞতা থকা স্বত্বেও বয়সৰ সীমা অতিক্ৰম কৰাৰ বাবে কৰিব নোৱাৰিব পুনৰ আবেদন । এই বিজ্ঞাপনক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

ayushman bharat workers become jobless nagaon assam etv bharat news
1400 অসমীয়া যুৱক-যুৱতীয়ে হেৰুৱাব চাকৰি !

নগাঁও,11 ছেপ্তেম্বৰ: চাকৰি হেৰুৱাব পাৰে ৰাজ্যৰ ১৪০০ অসমীয়া যুৱক যুৱতীয়ে । অটল অমৃত আৰু আয়ুষ্মান ভাৰতৰ অধীনত কৰ্মৰত এই যুৱক-যুৱতীসকলক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এনএইচএমৰ বিৰুদ্ধে ৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰ’ণা কালত সেৱা আগবঢ়াই অহা কৰ্মচাৰীসকলে বিগত চাৰি মাহে লাভ কৰা নাই দৰমহা । নিয়োজিত হৈ থকা কৰ্মীক দৰমহা দিয়াৰ পৰিৱৰ্তে ত্ৰিশ বছৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰি আয়ুষ্মান ভাৰতে প্ৰকাশ কৰিছে পুনৰ নিযুক্তিৰ বিজ্ঞাপন ৷

অনিশ্চিত ভৱিষ্যতক কেন্দ্ৰ কৰি এতিয়া শংকিত ৰাজ্যৰ সহস্ৰাধিক আৰোগ্য মিত্ৰ আৰু আয়ুষ্মান ভাৰতৰ কৰ্মী ৷ স্বাস্থ্য বিভাগৰ এই বিজ্ঞাপনৰ পিছতেই এতিয়া ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে এইসকল আৰোগ্য মিত্ৰ আৰু আয়ুষ্মান ভাৰতৰ অধীনৰ কৰ্মচাৰী ৷ চৰকাৰৰ প্ৰকাশিত বিজ্ঞাপনত পাঁচবছৰৰ অভিজ্ঞতা বিচৰাৰ লগতে বয়সৰ সীমা নিৰ্ধাৰণ কৰিছে মাত্ৰ ত্ৰিশ বছৰ । এনেক্ষেত্ৰত পূৰ্বৰ কৰ্মচাৰীয়ে অভিজ্ঞতা থকা স্বত্বেও বয়সৰ সীমা অতিক্ৰম কৰাৰ বাবে কৰিব নোৱাৰিব পুনৰ আবেদন । এই বিজ্ঞাপনক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

1400 অসমীয়া যুৱক-যুৱতীয়ে হেৰুৱাব চাকৰি !

কৰ’ণাকালতো নিজৰ কৰ্তব্য পালন কৰি অহা এইসকল কৰ্মচাৰীয়ে বিগত চাৰি মাহে লাভ কৰা নাই নিজৰ প্ৰাপ্য ৷ এনেক্ষেত্ৰত এইসকল কৰ্মচাৰীয়ে চাকৰিৰ পৰা অব্যাহতি দিব বিচৰা চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীকো জনাইছে কাতৰ আহ্বান । উল্লেখ্য যে, প্ৰথমাৱস্থাত এমডি ইণ্ডিয়া নামৰ এটা কোম্পানীৰ অধীনত 2018 চনৰ অক্টোবৰ মাহত চাকৰিত নিয়োজিত হোৱা এইসকল কৰ্মচাৰী পৰৱৰ্তী সময়ত চৰকাৰৰ সৈতে কোম্পানীৰ ম্যাদ শেষ হোৱাত 2020 চনৰ মাৰ্চ মাহৰ পৰা স্বাস্থ্য বিভাগৰ ষ্টেট নডেল চেলৰ অধীনত কৰ্মৰত হৈ আছিল ৷ কিন্তু আজিপৰ্যন্ত এইসকল কৰ্মচাৰীয়ে চৰকাৰৰ পৰা লাভ কৰা নাই কোনো নিযুক্তি পত্ৰ ।

লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.